অসম গণ পৰিষদৰ নেতা তথা সদৌ গুৱাহাটী মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নিৰ্মল ৰাভাই আজি অকালতে ইহলীলা সম্বৰণ কৰে৷ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত আঠকুপাৰা গাঁৱৰ বাসিন্দা নিৰ্মল ৰাভাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ জটিল ৰোগত আক্ৰান্ত হৈ বকোৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ৰাভাই৷ সদৌ গুৱাহাটী মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰাভাই ইহসংসাৰত পত্নী, এটি সন্তান এৰিয়া থৈ যায়৷ আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দিপাংকৰ নাথ, দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থা, বকো আঞ্চলিক যুৱক সংঘ, বকো প্ৰেছ ক্লাৱে শোক প্ৰকাশ কৰে। ৰাভাৰ মৃত্যুত বকোত শোকৰ ছা পৰে৷