নামনি অসমৰ সক্ৰিয় জনজাতীয় নেতা, সমাজকৰ্মী, সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰমেশ ৰায়ৰ (দুলু) আজি মৃত্যুক আকোৱালি লয়৷ ১৯৭২ চনত জন্মগ্ৰহণ কৰা ৰায়ে ছাত্ৰ অৱস্থাৰ পৰাই নিজ জনগোষ্ঠীৰ অধিকাৰৰ হকে সংগ্ৰাম কৰিছিল৷ জনজাতিকৰণকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত হোৱা আন্দােলনৰ নেতৃত্ব প্ৰদান কৰিছিল৷ দীৰ্ঘদিন ধৰি বিভিন্ন বেমাৰত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল৷ আজি নিশা ধুবুৰী জিলাৰ বানিয়ামাৰীৰ নিজ গৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰমেশ ৰায়। মৃত্যুৰ পূৰ্বে প্ৰাক্তন আক্ৰাছুৰ সমন্বয় সমিতিৰ সম্পাদকো আছিল।