কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞাঃ সদৌ অসম অপ্ৰাদেশীকৃত মধ্য ইংৰাজী শিক্ষক (টিউটৰ) সন্থাৰ কঠীয়াতলী ব্লক সমিতিয়ে বিভিন্ন সমস্যা সমাধানৰ দাবীত কামপুৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদাণ কৰে। স্মাৰক পত্ৰত উল্লেখ কৰে যে বিগত ২৫-৩০ বছৰ কাল বিনা বেতনে ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠা শিক্ষানুষ্ঠানসমূহত শিক্ষকতা কৰি অহাৰ পিছতো চৰকাৰখনে বিভিন্ন আইনৰ মেৰপাকৰ জৰিয়তে টিউটৰ সজাই অপমান কৰিছে৷ আজিৰ সময়ত মাত্ৰ ১০,৮০০ টকা বেতন প্ৰদান কৰিয়েই ক্ষান্ত থকা কাৰ্যই চৰকাৰখনে মানৱতাহীন চৰিত্ৰৰহে প্ৰতিফলন ঘটাইছে। ‘The Assam Education Prvincializaion of service of Teachers and Re organization of institution Act-2017 নামৰে এক জটিল আৰু শিক্ষক বিধ্বংসী আইনৰ জৰিয়তে যোৱা ২০২১ৰ ০৫ ফেব্ৰুৱাৰীত নিৰ্বাচনী ঢাক-ঢোল বজাই শিক্ষকৰ মৰ্যাদাক পদাঘাত কৰি বহু প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই টিউটৰ সজাই নিয়োগ পত্ৰ বিতৰণ কৰিয়েই দায়িত্ব পালন কৰিলে। নিযুক্তি দিয়াৰ সময়ত সকলো শিক্ষকৰে অৰ্হতা আৰু যোগ্যতা থকাৰ পাছতো পৰৱৰ্তী সময়ত ডিএলএড কৰাৰ পিছত আকৌ TETৰ দোহাই দি আজি পৰ্যন্ত মাত্ৰ কেইটামান টকাৰে এইসকল টিউটৰক কণা হাঁহক পতান দি ফুচুলাই ৰখাহে ব্যৱস্থা কৰা হৈছে বুলি অভিযোগ কৰে। ইতিমধ্যে বহু শিক্ষকে শিক্ষা বিভাগে নিৰূপণ কৰা যোগতা আৰ্জন কৰিছে যদিও অৱসৰৰ সময় সমাগত আৰু কিমানৰ যোগ্যতা আহৰণ নৌহওতেই কৰ্মজীৱনৰ অন্ত পৰিব। গতিকে বহু বছৰ অভিজ্ঞতাৰে পুষ্ট শিক্ষকসকলৰ বাবে টেট পৰীক্ষা বাধ্যতামূলক কৰাটো অতি পৰিতাপৰ লগতে লজ্জাজনক বিষয় ৰূপে বিবেচিত হৈছে বুলি প্ৰকাশ কৰিছে। অসমত টেট পৰীক্ষা আহিছিল ২০১২ চনত আৰু এইসকল শিক্ষকক যোগ্যতাৰ ভিত্তিক ২৫-৩০ বছৰ আগত বিদ্যালয় পৰিচালনা সমিতিবোৰে নিযুক্তি দিছিল। তাৰে একাংশক ২০১৩ চনত কংগ্ৰেছ চৰকাৰৰ দিনত নিযুক্তি দিয়া হ’ল৷ কিন্তু একে লগৰ এইসকলৰ কিয় ইমান বৈষম্য। চৰকাৰে যদি অনতিপলমে এই দুৰ্ভগীয়া শিক্ষকসকলৰ সমস্যাসমূহ সমাধান নকৰে তেন্তে আহা ১৬ মাৰ্চত গুৱাহাটী লাষ্টগেটত বিশাল প্ৰতিবাদী কাৰ্যসূচী পালন কৰা সিদ্ধান্তৰ কথাও ভবা হৈছে বুলি জানিব দিয়ে। স্মাৰক পত্ৰ জৰিয়তে চৰকাৰৰ শিক্ষা বিভাগক শিক্ষকসকলৰ সমস্যাসমূহ মানৱতাৰ দৃষ্টিৰে চাই সমাধান কৰিবলৈ দাবী জনাই।