নিউজ ডেস্ক ৰিপ’ৰ্টঃ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে আজি কাহিলিপাৰাস্থিত সৰ্বশিক্ষা কাৰ্যালয় সন্মুখত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চৰকাৰে তেওঁলোকক মাহিলী দি অহা ন্যূনতং ১০০০ টকাৰ মাননিৰ পৰিৱৰ্তে মাহিলী ৯০০০ টকাৰ মজুৰি বিচাৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে তেওঁলোকৰ মজুৰি নিয়মীয়া কৰাৰ বাবে দাবী জনায়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দহ সহস্ৰাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰী উপস্থিত থাকে।