March 27, 2023, 2:04 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সত্ৰ গুৰু আসন জ্বলোৱা কাৰ্যক নিন্দা গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ, বহিঃশক্তি জৰিত থকাৰ সন্দেহ

Reporter Name
  • Update Time : Friday, September 4, 2020
  • 168 Time View

গুৱাহাটীঃ সম্প্ৰীতিৰ মিলনভূমি নামনি অসমৰ বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত গণককুছি সত্ৰৰ শ্ৰীৰাম আতাৰ পবিত্ৰ ভিঠিৰ গুৰু আসন জ্বলাই দিয়া কাৰ্যক তীব্ৰ নিন্দা কৰাৰ লগতে ভৰ্ৎসনা কৰিছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে৷ পবিত্ৰ সত্ৰখনৰ ঐতিহ্যক কুলুষিত কৰিব খোজাৰ চেষ্টা কৰা বুলি কয় সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্বাহ নাৱাজ হুছেইন, কাৰ্যকৰী সভাপতি নুৰুল হক আৰু সাধাৰণ সম্পাদক আকতাৰ হুছেইনে এই ঘটনাৰ উচিত তদন্ত কৰি ঘটনাৰ সৈতে জৰিত সকলো লোকক গ্ৰেপ্তাৰ কৰি প্ৰশাসনক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷

সংগঠনটোৱে কয় যে বাৰে বাৰে অসমীয়া সমাজখনৰ অস্তিত্ব, প্ৰভূত্ব তথা জাতীয় আবেগত আঘাত হানি থাকিলে ধৈৰ্যৰ বান্ধ খোল খাব৷ তেতিয়া মূলসূঁতিৰ অসমীয়া সমাজখনে পৰিস্থিতি ভয়াবহ কৰিবলৈ বাধ্য হ’ব৷ এই কাণ্ডই মূল সূঁতিৰ অসমীয়া সমাজখনক অন্তৰত আঘাত দিছে৷ অসমৰ ঐতিহ্য-সংস্কৃতি-পৰম্পৰা বিৰোধী এটা চক্ৰই অহৰহ অসমীয়াৰ অভিমানক ভেঙুচালি কৰি অহা কাৰ্যক আমি গৰিহণা দিছো৷ গুৰু আসন জ্বলাই দিয়াৰ সাহস কৰা ৰফিকুল নামৰ দুৰ্বৃত্তৰ কোনো বহিঃশক্তিৰ সৈতে সম্পৰ্ক থাকিব পাৰে বুলিও আমি আশংকা ব্যক্ত কৰি অসমীয়াৰ চিৰ শত্ৰুৰ দলে কোনো বহিঃশক্তিৰ বলত বলিয়ান নহলে অসমীয়া সমাজখনক প্ৰত্যাহ্বান জনাবলৈ সাহত ক’ত পালে বুলি কয় সংগঠনটোৱে৷

সংগঠনটোৱে সমগ্ৰ ঘটনা অতি চিন্তনীয় বুলি ক্ষোভ প্ৰকাশ কৰি আৰক্ষী-প্ৰশাসনে ইয়াত অন্তঃনিহিত হৈ থকা কথা পোহৰলৈ আনি ভৱিষ্যতৰ অসমখনক অধিক সুৰক্ষিত কৰাৰ লগতে অসমীয়া জাতিক সুৰক্ষিত কৰাত সহায় কৰক বুলি কয় আৰক্ষী-প্ৰশাসনক৷ আনহাতে অসমৰ সকলো ঐতিহ্যমণ্ডত সত্ৰ, নামঘৰ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷ সংগঠনটোৱে কয় যে আমাৰ হাতত পৰা তথ্য মতে, ৰফিকুল নামৰ যুৱকজনে ইয়াৰ পূৰ্বেও কেওটকুছি সত্ৰৰ লক্ষ্মী মন্দিৰৰ দেৱী মূৰ্তিৰ ক্ষতিসাধন কৰিছিল৷ যুৱকজনক নাকী লগােৱাত বিফল হোৱাৰ ফলতেই পুনৰ এনে কাণ্ড সংঘটিত হ’ল বুলি আমি অনুভৱ কৰা বুলি কয়৷ অসমত বিভেদ আৰু বিদ্বেষৰ স্থান নাই৷ এইখন শংকৰ-আজানৰ দেশত শান্তি আৰু একতাৰ এনাজৰীডাল কটকটীয়া হৈ আছিল আৰু থাকিব৷ অসমীয়াৰ শত্ৰুৱে সমাজখনক থানবান কৰিব খুজিলেও থানবান কৰিব নোৱাৰিব বুলিও কয় সংগঠনটােৱে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে