বেবেজীয়াৰ পৰা জয়ন্ত মুদৈঃ স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত প্ৰত্যক্ষ ৰাজ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠিত অসমৰ চাৰি সত্ৰৰ আদি সত্ৰ হৈছে শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰ। সত্ৰৰ পৰম্পৰা অনুসৰি গোলাঘাট জিলাৰ বোকাখাতস্থিত কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱগোস্বামীৰ যোৱা ২০২০ চনৰ ৩ নবেম্বৰত বৈকুণ্ঠগামী হোৱাত জ্যেষ্ঠতাৰ ভিত্তিত তেখেতৰ উত্তৰসুৰি হিচাপে নগাওঁ জিলাৰ কুৰুৱাবাহী সত্ৰৰ লাৰু গোপাল গোস্বামীয়ে সত্ৰাধিকাৰৰ দায়িত্ব লাভ কৰে৷ সেয়ে পৰম্পৰা অনুসৰি সত্ৰাধিকাৰ হিচাপে অভিষেক তথা নিৰ্মালী প্ৰদানৰ অনুষ্ঠানভাগ অহা ৭ মাৰ্চত কুৰুৱাবাহী সত্ৰৰ মূল নামঘৰত অনুষ্ঠিত কৰিবলৈ সত্ৰৰ সমূহ ভকত-বৈষ্ণৱ, শিষ্য তথা ৰাইজে মনস্থ কৰিছে। উক্ত মাংগলিক অনুষ্ঠান সম্পাদন কৰিবৰ বাবে চাৰি সত্ৰৰে অন্যতম মাজুলীৰ শ্ৰীশ্ৰী দক্ষিনপাট সত্ৰৰ সত্ৰধিকাৰ ননীগোপাল গোস্বামী উপস্থিত থাকিব। সেয়ে চাৰিসত্ৰৰ সমূহ শিষ্য তথা ভকত-বৈষ্ণৱ আৰু ৰাইজক উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ নগাঁৱৰ শ্ৰীশ্ৰী কুৰুৱাবাহী সত্ৰ পৰিচালনা সমিতিয়ে সাদৰেৰে আমন্ত্রন জনাইছে৷ উল্লেখ্য, বোকাখাতস্থিত কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱগোস্বামীৰ বৈকুণ্ঠগামী হোৱাত সত্ৰৰ মূল বিগ্ৰহ শ্ৰীশ্ৰীমদন গোপাল মহাপ্ৰভূক যোৱা ১০ ফেব্ৰুৱাৰীৰ দিনা নগাওঁ জিলাৰ কুৰুৱাবাহী সত্ৰলৈ প্ৰত্যাৱৰ্তন কৰা হৈছিল।