জয়ন্ত মুদৈ, বেবেজীয়াঃ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ট সেৱক, মহিয়সী নাৰী সতী ৰাধিকাৰ জন্মস্থান ঐতিহাসিক কোবাইকটা সত্রৰ মূল পথৰ স্থায়ী তোৰণ ভাগৰ নিৰ্মান কাৰ্যৰ কামৰ শুকুৰবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। অসম চৰকাৰৰ মন্ত্রী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্রী পিয়ুষ হাজৰিকাৰ ব্যক্তিগত পৃষ্ঠপোষকতাত পুৱা ১০ বজাত তোৰণ ভাগৰ কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথে। শ্ৰী শ্ৰী কোবাইকটা সত্র পৰিচালনা সমিতিৰ সভাপতি যামিনি দাস, উপ সভাপতি শংকৰ দাস, সম্পাদক অচ্যুৎ দাস, বটদ্ৰৱা উন্নয়ন খণ্ডৰ কণিষ্ঠ অভিযন্ত্রা ধীৰসিং দলৈ, সত্রখনিৰ ভকত বৈষ্ণৱ, তোৰণখনি নিৰ্মানৰ বাবে দ্বায়িত্ব গ্ৰহণ কৰা শিল্পী ৰাজেন দাস আৰু স্থানীয় ৰাইজৰ উপস্থিতিত তোৰণ খনিৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভণি কৰা হয়।