নাজিৰাঃ শাসকীয় পক্ষৰ ৰাজনৈতিক হেচাৰ ফলত Indian Council For Medical Research চমুকৈ আইচিএমআৰে কোভিড-১৯ৰ ভেকচিন সঠিক ভাৱে পৰীক্ষা নকৰাকৈ ১৫ আগষ্টৰ ভিতৰত বজাৰত মুকলি কৰিব খোজা বুলি গুৰুতৰ অভিোগ উত্থাপন কৰিছে অসম বিধান সভাৰ বিৰোধী দলপতিদেৱব্ৰত শইকীয়াই।
শইকীয়াই কয় যে ভাৰত বায়োটেক ইণ্টাৰনেছনেল লিমিটেড চমুকৈ BBILৰ পৃষ্ঠাপোষকতাত ক’ভাকচিন নামেৰে কোভিড-১৯ৰ এটা ভেকচিন প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া যোৱা মে’ মাহৰ পৰা আৰম্ভ কৰা হৈছে। শেহতীয়াকৈ এই ভেকচিনটো প্ৰস্তুতিকৰণ প্ৰক্ৰিয়া অস্বাভাৱিক ভাৱে ক্ষীপ্ৰ কৰাৰ প্ৰচেষ্টা কৰা হৈছে, যিটো সঠিক নহয়। গোটেই বিশ্বতে এতিয়া বিভিন্ন দেশত কোভিড প্ৰতিষেধক নিৰ্মাণ কৰাৰ বাবে গৱেষণা চলি আছে। ইউৰোপৰ এটা কোম্পানীয়ে এনে প্ৰতিষেধক অহা চেপ্তেম্বৰত তৈয়াৰ হ’ব পাৰে বুলি ঘোষণা কৰিছে। চীন দেশটো ৫টা প্ৰতিষেধকক লৈ গৱেষনা চলি আছে আৰু এই বছৰৰ শেষৰ ফালে এটা বজাৰত ওলাব পাৰে বুলি জানিব পৰা গৈছে।
ইতিপূৰ্বে পলিঅ’, ডিপথেৰিয়া, সৰু আই, ৰুবেলা আদি বিভিন্ন ৰোগৰ প্ৰতিষেধক ওলাইছে৷ কিন্তু এইবিলাকৰ ক্ষেত্ৰত বহু বছৰ গৱেষনাৰ ফলত পোৱা গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰেও কৈছে যে একৰ পৰা ডেৰ বছৰৰ পিছতহে এটা কোৰোনাৰ প্ৰতিষেধক ওলাব পাৰে।
শইকীয়াই কয় যে বিশেষজ্ঞৰ অনুসৰি যিকোনো ভেকচিন প্ৰস্তুত কৰোতে ২-৫ বছৰ সময় লাগে। কোভিড-১৯ৰ ক্ষেত্ৰত চীনকে ধৰি কোনো দেশে এই বছৰৰ শেষ ভাগৰ আগত ভেকচিন প্ৰস্তুত কৰিব পাৰিব বুলি দাবী কৰিব পৰা নাই।আইচিএমআৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান এন কে গাংগুলীৰ উক্তি দি শইকীয়াই কয় যে ভাৰতত কোভিড-১৯ ভেকচিন প্ৰস্তুত কৰিবলৈ কমেও ১৮ মাহ সময় লাগিব। কাৰণ এটা ভেকচিন প্ৰস্তুত কৰোতো বহু প্ৰকাৰৰ সঠিক পৰীক্ষাৰ প্ৰয়োজন হয়। এই পৰীক্ষা প্ৰক্ৰিয়াৰ ভিতৰত নিগনি, বান্দৰ আদিৰ ওপৰত ভেকচিনটো পৰীক্ষা কৰাৰ উপৰিও মানুহৰ ওপৰত কমেও তিনিটা পৰ্যায়ৰ পৰীক্ষা কৰিব লাগিব।
তেনেস্থলত মে’ মাহত প্ৰক্ৰিয়া আৰম্ভ কৰি আগষ্ট মাহৰ ভিতৰত যদি কোনো ভেকচিন প্ৰস্তুত কৰা যায় সেই ভেকচিন ভোভিড-১৯ প্ৰতিৰোধত কিমান সফল হ’ব সেইটো সহজে অনুমেয়। কংগ্ৰেছ নেতা শইকীয়াই আৰু কয় যে শাসকীয় দলে পৰিকল্পনা কৰা যেন লাগিছে যাতে ১৫ আগষ্টত যেতিয়া প্ৰধান মন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰিব তেতিয়া ভাৰতে কোভিড-১৯ৰ ভেকচিন প্ৰস্তুত কৰিছে বুলি ঘোষণা কৰি বাঃ বাঃ লব পাৰে। কিন্তু ভেকচিন ক্ৰিয়া তথা পাৰ্শ্বক্ৰিয়া ভালকৈ অনুধাৱন নকৰাকৈ ব্যৱহাৰৰ বাবে মুকলি কৰি দিলে হিতে বিপৰীত হোৱাটো নিশ্চিত। সেই হেতুকে অধিক সময় লাগিলেও সঠিক পৰীক্ষা প্ৰক্ৰিয়া অৱলম্বন নকৰাকৈ এই ভেকচিন ভাৰতৰ বজাৰত মুকলি কৰি দিয়াটো উচিত নহ’ব।