শিৱসাগৰ জিলাৰ আমগুৰিৰ লালিমচিগাৰ কলেজত অধ্যয়নৰত যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ দহজন যুৱক যুৱতীয়ে আলফা স্বাধীনত যোগদানৰ কৰাৰ খবৰ প্ৰকাশ হৈ থকাৰ সময়তে আমগুৰিৰ লালিমচিগাৰ যুৱতী নিৰুদ্দেশ হৈ থকাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ১০ যুৱক-যুৱতীৰ সৈতে আমগুৰি লালিমচিগাৰ আমগুৰি মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মানিকৰ ছাত্ৰী শিৱানী গগৈয়ে আলফা স্বাধীনত যোগদানৰ সন্দেহ কৰা হৈছে। বিগত ১৩ মে’ৰ পুৱাই ঘৰৰ পৰা ওলাই গৈছিল শিৱানী গগৈ। ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন হৈ আছে ছাত্ৰীগৰাকী। পিতৃ-মাতৃয়ে এজাহাৰো দাখিল কৰিছে আমগুৰি আৰক্ষী থানাত।
পিতৃয়ে ছাত্ৰীগৰাকীৰ চাইকেলখন আমগুৰি ৰেল ষ্টেচনত উদ্ধাৰ কৰে। বৰ্তমানলৈকে পিতৃ প্ৰাঞ্জল গগৈ আৰু মাতৃ দ্বীপজ্যোতি গগৈ নিশ্চিত নহয় প্ৰকৃততে কন্যাই আলফা স্বাধীনত যোগদান কৰাৰ খবৰ সত্য নে অসত্য। দৰিদ্ৰ পিতৃ-মাতৃৰ পৰেশ বৰুৱালৈ আহ্বান সোনকালে কন্যাক ঘৰলৈ ঘূৰাই পঠাওক। গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুলপানিছিগা পুৰণিমেলিয়া গাঁৱৰ মালাবিকা বৰা নামৰ আন এগৰাকী ছাত্ৰীও আলফাৰ যোগদানৰ খবৰ আহিছিল যদিও আৰক্ষীৰ অনুসন্ধানত ছাত্ৰীগৰাকীৰ কোনো তথ্য পোহৰলৈ অহা নাই৷ আলফাত যোগদানৰ বাবে ঘৰ এৰি যোৱা শিৱানী গগৈয়ে ফেচবুকত জীৱনৰ সিদ্ধান্ত নিজেই ল’ম বুলি কোৱাৰ লগতে কোনো জগৰীয়া নহয় বুলি স্পষ্ট কৰে৷
ইপিনে উজনিৰ চাহ জনগোষ্ঠীৰ বিজেপি নেতা তথা মন্ত্ৰী সঞ্জয় কিষাণে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰদান কৰাত ক্ষমা খুজবিলৈ ২৪ ঘণ্টা বান্ধি দিছিল আলফা স্বাধীনে৷ ইমানে নহয় সঞ্জয় কিষাণক প্ৰত্যাহ্বান জনাই আলফা স্বাধীনৰ নেতা আইচেং অসমে ১০গৰাকী যুৱক-যুৱতীক আলফাত যোগদান কৰাৰ হুংকাৰ দিছিল৷ আইচেং অসমে ২৪ ঘণ্টা নৌহওঁতেই ১০ অসমৰ যুৱক-যুৱতী আলফা স্বাধীনলৈ যোৱাৰ সন্দেহ কৰা হৈছে৷ ১০ অসমৰ যুৱক-যুৱতীৰ ভিতৰত দুই যুৱতী শিৱসাগৰৰ বুলি জানিব পৰা গৈছে৷
দেওবাৰে ম্যানমাৰত উপস্থিত হৈছে ১০ অসমৰ যুৱক-যুৱতীয়ে৷ কামৰূপ জিলাৰ লোহাৰঘাটৰ অনন্ত ৰাভা, কামৰূপ ছয়গাঁৱৰ দিগন্ত দাস, ওদালগুৰিৰ ৰৌতাৰ চিন্ময় ডেকা, শিৱসাগৰ ধেমেচী বেজপথাৰৰ ৰোহিনী গগৈ, শিৱসাগৰ ফুলপানীছিগাৰ মালবিকা বৰা, আমগুৰিৰ শিৱানী গগৈ, যোৰহাট ম’হবন্ধাৰ মৃদুপৱন বৰা, নলবাৰী মুকালমুৱাৰ নয়নজ্যোতি কলিতা আৰু গোলাঘাট দেৰগাঁৱৰ নকুল দাস।