ডিজিটেল ডেস্কঃ বিশ্বৰ বহু দেশত ক্ৰমান্বয়ে ক’ৰোনাৰ ভাইৰাছৰ সংক্ৰমণ ৰোধ হৈছে যদিও ভাৰতত এই পৰ্যন্ত ভাইৰাছৰ সংক্ৰমণ ৰোধ হোৱা নাই৷ সমগ্ৰ বিশ্বত এই পৰ্যন্ত ২ কোটি ৪৪ লাখ লোক ভাইৰাছৰ কৱলত পৰাৰ লগতে ৮ লাখ ৩১ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিছে৷
ভাৰতত জুলাই মাহৰ পিছৰে পৰা সংক্ৰমণ অত্যাধিক বৃদ্ধি পাইছে৷ এতিয়া নিতৌ ৫০-৬০ হাজাৰ ৰোগী ধৰা পৰিছে৷ শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য মতে, বৃহস্পতিবাৰে দেশত ৭৭ হাজাৰ লোক ক’ৰোনা ভাইৰাছত সংক্ৰমিত হৈছে৷ ইয়াৰ লগে লগে ভাৰতত ৩৩ লাখ ৮৭ হাজাৰলৈ বৃদ্ধি হৈছে ৰোগীৰ সংখ্যা৷
ভাৰতত সংক্ৰমণ আৰম্ভ হোৱাৰ পিছৰে পৰা বৃহস্পতিবাৰে ইমান সংখ্যাক ৰোগী ধৰা পৰি ৰেকৰ্ড গঢ়ে৷ এই পৰ্যন্ত দেশত ২৫ লাখ ৮৩ হাজাৰ লোক সুস্থ হৈছে৷ ৬১,৪২৯গৰাকী লোকৰ মৃত্যু হৈছে৷