ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমাৎ জাপানীজ এনকেফেলাইটিছে লৈছে সংহাৰী ৰূপ৷ দৈনিক বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা৷ জাপানীজ এনকেফেলাইটিছত কামপুৰত প্ৰথমজন লোকৰ মৃত্যু৷ মৃত্যু হোৱা যুৱকজন নিজকামপুৰৰ কপিল লস্কৰ৷ উল্লেখ্য যে বিগত এসপ্তাহ ধৰি যুৱকজন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও যোৱা নিশা প্ৰায় ১১ বজাত মৃত্যু হয় যুৱকজনৰ।
বিগত ২৪ ঘন্টাত ৰাজ্যত এই ৰোগত নতুনকৈ আক্ৰান্ত হৈছে ২৪ জন লোক৷ বিগত ২৪ ঘন্টাত ৰাজ্যত এই ৰোগত মৃত্যু হৈছে ৩ জনকৈ লোকৰ৷ ৰাজ্যত বিগত দুই সপ্তাহত এই ৰোগত ৩০ জন লোকৰ মৃত্যু৷ ৰাজ্যত জাপানীজ এনকেফেলাইটিছত এইপৰ্যন্ত ২২৬ জন আক্ৰান্ত৷