শিৱসাগৰঃ ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হৈছে ক’ৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ এই পৰ্যন্ত ৰাজ্যত ৩ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে ক’ৰোনা আক্ৰান্তৰ সংখ্যাই৷ কেন্দ্ৰীয় চৰকাৰে লক-ডাউন শিথিল কৰাৰ লগতে বহিঃৰাজ্যৰ লোক অসমত প্ৰৱেশ কৰাৰ পিছৰে পৰা অসমত পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে৷ ফলত ৰাজ্যত গণ সংক্ৰমণ হ’ব পাৰে নেকি বুলি আশংকা কৰি হৈছে৷
তাৰ মাজতে উজনিৰ শিৱসাগৰ জিলাত গণ সংক্ৰমণ হোৱা বুলি ব্যাপক হাৰত প্ৰচাৰ হৈ থকাত স্বাস্থ্য বিভাগে জিলাখনত গণ সংক্ৰমণ হোৱা নাই বুলি স্পষ্টিকৰণ দিবলগীয়া হৈছে৷ বৃহস্পতিবাৰে জিলা স্বাস্থ্য বিষয়া ডা০ হেমন্ত বৰুৱাই এখন সংবাদমেল অনুষ্ঠিত কৰি গণ সংক্ৰমণৰ প্ৰচাৰক উৰা বাতৰি আখ্যা দিয়ে৷ শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে স্পষ্ট কৰি কয় যে শিৱসাগৰত সামূহিক সংক্ৰমণ সংঘটিত হোৱা নাই। শিৱসাগৰ জিলাত শেহতীয়াকৈ কোৱিড-১৯ পজিটিভ ধৰা পৰা সকলো ৰোগী বহিঃৰাজ্যৰ পৰা অহাৰ লগতে কোৱাৰাণ্টাইন কেন্দ্ৰত ধৰা পৰিছে বুলি কয় স্বাস্থ্য বিভাগে।
এদিন পূৰ্বে ডিমৌত ধৰা পৰা এগৰাকী ৰোগীৰ বাবে গণ সংক্ৰমণ হোৱা বুলি উৰা বাতৰি সৃষ্টি হোৱা বুলি সন্দেহ কৰে প্ৰশাসনে। ডিমৌৰ চিত্ৰালি চেতিয়া নামৰ এগৰাকী পজিটিভ ৰোগী ধৰা পৰে। চিত্ৰালী চেতিয়া, তেওঁৰ স্বামী, মাতৃ আৰু তিনি বছৰীয়া সন্তান মুম্বাইৰ পৰা ডিমৌলৈ আহিছিল। পৰিয়ালটোৰ তিনি বছৰীয়া সন্তান থকাৰ বাবে কোৱাৰাণ্টাইন কেন্দ্ৰৰ পৰিবৰ্তে পৰিয়ালটোক ঘৰতে কোৱাৰাণ্টাইন কৰা হৈছিল। প্ৰথম নুমনা পৰীক্ষা কৰাত ফলাফল নেগেটিভ আহিছিল যদিও পুনৰ পৰীক্ষা কৰাত চিত্ৰালী চেতিয়াৰ পজিটিভ পোৱা গৈছে। ফলত চিত্ৰালীক শিৱসাগৰ অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে পৰিয়ালৰ আন আন সদস্যৰ পুনৰ নমুনা সংগ্ৰহ কৰা হৈছে। আন সদস্যই বৰ্তমানেও নিজ ঘৰত কোৱাৰাণ্টাইন হৈ আছে৷