March 28, 2023, 12:51 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সংখ্যালঘুৰ জীৱন-সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী, বাক্সাত ক’লা কাপোৰ বান্ধি আমছুৰ প্ৰতিবাদ

Reporter Name
  • Update Time : Thursday, August 27, 2020
  • 192 Time View

অঞ্জন জ্যোতি নাথ, বৰপেটাৰোডঃ বিটিএডিত বসবাস কৰাৰ সংখ্যালঘুৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে৷ পুনৰ সংখ্যালঘুৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰি সুৰক্ষা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে সমগ্ৰ বিটিএডিত প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে৷

আন জিলাকেইখনৰ লগতে বাক্সা জিলা আমছুৱে বাক্সা জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত মুখত ক’লা কাপোৰ বান্ধি বিটিএডি অঞ্চলত বসবাস কৰা সংখ্যালঘু জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা, হত্যাৰ বলি হোৱা খাইৰুল ইছলাম, আমিনুৰ ৰহমান খান, ৰহিম বাদশ্বাহ আৰু জহুৰা খাতুনৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনাই।

হত্যাল বলি হোৱা পৰিয়ালসমূহক ১০ লাখ টকাকৈ এক-কালীন আৰ্থিক সাহায্য প্ৰদান কৰা, বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত সংখ্যালঘুবসতি প্ৰধান অঞ্চলসমূহত অৰ্ধ-সামৰিক বাহিনী মোতায়েন কৰি নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে আমছুৱে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ আমছু জিন্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, বিটিএডি প্ৰশাসন হায়ঃ হায়ঃ, হত্যা-হিংসা বন্ধ কৰক, বিটিএডিত থকা অবৈধ অস্ত্ৰ জব্দ কৰক, অপৰাধীক কঠোৰ হাতেৰে দমন কৰক, সংখ্যালঘুৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰক, মৃতকৰ পৰিয়ালসমূহক ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য আব্দুল ৰহিম, জিলা সমিতিৰ সভাপতি ছাইফুল ইছলাম খান, কাৰ্যকৰী সভাপতি গিয়াছ উদ্দিন, সাধাৰণ সম্পাদক শ্বাহাদত হুছেইন, জিলা সমিতিৰ প্ৰাক্তন উপ-সভাপতি আলাল উদ্দিনৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে