আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ আন এখন বৈঠক অনুষ্ঠিত হয়৷ কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ বিশেষকৈ জাতিগত প্ৰমাণ পত্ৰ লাভৰ সমস্যা সমাধানৰ বাবে জাতিগত প্ৰমাণপত্ৰ সহজতে পোৱাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে৷ এতিয়াৰ পৰা পিতৃ-মাতৃৰ প্ৰমাণ পত্ৰ থাকিলে সন্তানে পোনপটীয়াকৈ পাব প্ৰমাণপত্ৰ৷ পিতৃ-মাতৃৰ প্ৰমাণ পত্ৰ নাথাকিলেও ৪৫ দিনৰ ভিতৰত প্ৰমাণপত্ৰ পাব। শৰণীয়া কছাৰীসকলে শৰণীয়া কছাৰী হিচাপে জাতিগত প্রমাণ পত্র লাভ কৰিব। পূৰ্বে কেৱল কছাৰী বুলি প্রমাণ পত্র লাভ কৰিছিল। কেবিনেট বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত কয় যে পৌৰ এলেকাত ডেৰ কঠাৰ বেছি মাটি থাকিলে EWS হিচাপে ধৰা নহ’ব। ৬৫ জন শিক্ষক দিব নিযুক্তি দিয়াৰ লগতে ১৩ খন নতুন ম’ডেল স্কুল গঢ়াৰ অনুমোদন দিয়াৰ লগতে চাহ বাগিচাৰ ৯৭খন হাইস্কুলত এপ্রিলৰ পৰা পাঠদান আৰম্ভ কৰাৰ ঘোষণা কৰে। নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীক জিলা প্রশাসনে বিদ্যালয়তে প্রমাণ পত্র দিব। ইপিনে নবাৰ্ডৰ পৰা ১৭০ কোটি ১৫ লাখ টকা ঋণ লোৱাৰ সিদ্ধান্ত লয় কেবিনেটে৷ তিনিখন গ্রাম্য দলং আৰু পথ নিৰ্মাণৰ বাবে ল’ব এই ঋণ। ভূগৰ্ভৰ পানীক লৈ সিদ্ধান্ত লোৱাৰ লগতে পানীৰ ক্ষেত্ৰত গাওঁ আৰু চহৰত পৃঠক নিয়ম কৰাৰ ঘোষণা৷