মৈৰাবাৰীঃ দুদিনীয়া কাৰ্যসূচীৰে ২১ আৰু ২২ মে’ত জগতগুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ীত মহা পালনাম সেৱা অনুষ্ঠিত কৰা হ’ব৷ গতিকে অসমৰ সমূহ ভক্ত প্ৰাণ ৰাইজক মহা পালনাম ভাগত অংশগ্ৰহণ কৰিবলৈ সত্ৰ পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে। শেহতীয়া কৈ অসমত বানে ভৱাবহ ৰূপ ধাৰণ কৰিছে যদিও বানৰ কৱলৰ পৰা ৰক্ষা পাবলৈ গুৰুজনাৰ শ্ৰীচৰণত সেৱা ধৰিব বুলি সত্ৰ পৰিচালনা সমিতিয়ে জনাইছে। জগতগুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ীত মহা পালনামৰ কাৰণে চলিছে ব্যাপক প্ৰস্তুতি। ২১ মে’ৰ বিয়লি ৫ বজাত-খোল প্ৰসঙ্গ। সন্ধা ৬ বজাত সম্যন্ত হৰণ নাট প্ৰদৰ্শন ও অগ্নিগড় উদ্বোধন। নিশা ১১ বজাত মহা পালনাম ভাগৰ শুভাৰম্ভ। ২২ মে’ত দেওবাৰে পুৱা ৮ বজাত আয়তীসকলৰ নাম প্ৰসঙ্গ। পুৱা ১০ বজাত খোল প্ৰসঙ্গ। পুৱা ১১ বজাত পালনাম ও প্ৰসঙ্গিয়া নাম। দুপৰীয়া ১ বজাত প্ৰসাদ বিতৰণ। বিয়লি ৩ বজাত ভকত বিদায়। ইত্যাদি কাৰ্য্যসূচী গ্ৰহণ কৰি পালনামৰ সামৰণি মাৰিব।