ডিজিটেল ডেস্কঃ অৱশেষত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগ। বৃহস্পতিবাৰে ছিংগাৰপুৰৰ পৰা গোটাবায়াই পদত্যাগ পত্ৰ সংসদৰ অধ্যক্ষলৈ ই-মেইল যোগে প্ৰেৰণ কৰে। এই পদত্যাগ পত্ৰ অধ্যক্ষই গ্ৰহণ কৰে।
উল্লেখ্য যে বিগত কেইবামাহ ধৰি দ্বীপৰাষ্ট্ৰখনত অৰ্থনৈতিক অস্থিৰতাই দেখা দিছিল। আৰু এই অচলাৱস্থা ৰোধ কৰাৰ ক্ষেত্ৰত বিফল হৈছিল চৰকাৰখন। যাৰ ফলত অতিষ্ঠ হৈ সাধাৰণ জনতাই ৰাজপথলৈ উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল।
দেশখনৰ ক্ষোভিত জনতাৰ প্ৰতিবাদী ৰূপ দেখি দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল ৰাষ্ট্ৰপতিগৰাকী। ইয়াৰ পিছতেই হাজাৰ হাজাৰ জনতাই ৰাষ্ট্ৰপতি ভৱন পৰ্যন্ত দখল কৰিছিল আৰু ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবী তুলিছিল।