ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ সন্ধান এতিয়ালৈকে লাভ কৰা নাই যদিও তেওঁ ভাতৃ বাছিল ৰাজাপাক্ষেক গ্ৰেপ্তাৰ কৰা হৈছে৷ বাছিল ৰাজপাক্ষে আছিল শ্ৰীলংকাৰ প্ৰাক্তন বৃত্তমন্ত্ৰী৷ ৰাষ্ট্ৰপতিৰ ভাতৃ বাছিল ৰাজপক্ষে শ্ৰীলংকাৰ পৰা ডুবাইলে পলাবলৈ চেষ্টা কৰোতে যাত্ৰীসকলে তেওঁক চিনি পাই চিয়ৰ বাখৰ কৰে৷ মঙলবাৰে পুৱাভাগত কলম্বো ইন্টাৰনেছনেল বিমান বন্দৰৰ VIP কক্ষত ৰাইজে বাছিলক আটক কৰি ৰাখে৷
ইফালে একাংশ সংবাদ মাধ্যমত পদত্যাগী ৰাষ্ট্ৰপতি গোটাৱায়াই ডুবাইলৈ পলায়ন কৰে বুলি প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশ সংবাদ মাধ্যমে দাবী কৰিছে তেখেত দেশৰ পৰা বাহিৰলৈ যাব পৰা নাই৷ কিন্তু শেহতীয়াকৈ শ্ৰীলংকাৰ পাৰলিয়ামেন্টৰ অধ্যক্ষ মহিন্দ্ৰ ইয়াপাই ৰাষ্ট্ৰপতি ক’ত আছে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে৷ অধ্যক্ষগৰাকীয়ে ৰাষ্ট্ৰপতি ৰাজাপক্ষ নিজ দেশতে থকা বুলি দাবী কৰিছে৷