ডিজিটেল ডেস্কঃ শেহতীয়াকৈ শ্ৰীলংকাৰ অৰ্থনৈতিক অচলাৱস্থাৰ বাবে ৰাষ্ট্ৰপতি আসনৰ পৰা পদত্যাগ কৰিছে গোটাবায়া ৰাজপাক্ষেই৷ আৰু ইয়াৰ পিছতেই দেশখনৰ এনে অৰ্থনৈতিক সংকটৰ সময়ত কেইবাজনো সাংসদে বিদায়ী প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেক ৰাষ্ট্ৰপতিপদ গ্ৰহণবলৈ আহ্বান জনাইছিল৷ এই আহ্বানৰ পিছতেই শুকুৰবাৰে ৰনিল বিক্ৰমসিংহেক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়৷
লগতে সাংসদসকলে দেশৰ এনে বিত্তীয় সংকটৰ সময়ত দেশক মাজভাগতে দেশক বিপদত এৰি নিদিবৰ বাবে আহ্বান জনাইছে৷ কিয়নো বৰ্তমানে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (আইএমএফ) সৈতে আলোচনা চলি আছে৷