শ্ৰীলংকাৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় হৈ পৰাৰ সময়তে ভাৰতত অবৈধ ভাৱে প্ৰবেশ কৰা ৬গৰাকী শ্ৰীলংকাৰ নাগৰিকক আটক কৰে৷ সাগৰীয় পথেৰে বিশেষ বটৰে ভাৰতৰ সীমাত প্ৰবেশ কৰে৷ তেনে সময়তে আজি ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে তামিলনাডুৰ ৰামেশ্বৰমত ৩ শিশুসহ ৬ শ্ৰীলংকাৰ নাগৰিকক আটক কৰে৷ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে তামিলনাডুৰ ৰামেশ্বৰমৰ ওচৰৰ চতুৰ্থ দ্বীপৰ পৰা ৩ শিশুসহ ৬ জন শ্ৰীলংকাৰ নাগৰিকক আটক কৰে। এখন নাওৰ জৰিয়তে শ্ৰীলংকাৰ পৰা ভাৰতলৈ অবৈধভাৱে প্ৰব্ৰজন কৰিবলৈ চেষ্টা কৰি আছিল।