জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কুঁজাৰবড়িৰ নিবাসী প্ৰবীণ সমাজকৰ্মী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ কৰ্মী, সু-অভিনেতা ৰত্নেশ্বৰ শইকীয়াৰ মঙলবাৰে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ৷ বৃহত্তৰ অঞ্চলটোৰ সকলো ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাবে জড়িত থকা অগ্ৰনী কৰ্মী শইকীয়া একেধাৰে অংকীয়া নাটৰ সূত্ৰধাৰ, বায়ন, এচ কে বি এল শ্ৰীমন্ত শংকৰ জন্মোসৱৰ অক্লান্ত সেৱক, সংঘৰ পুৰুষোত্তম আঞ্চলিকৰ মেধি আৰু এগৰাকী সুদক্ষ কৌতুক অভিনেতা ৰূপে সকলোৰে মাজত সু-পৰিচিত আছিল৷ তেওঁৰ বিয়োগত কুঁজাৰবড়িৰ লগতে দাঁতি কাষৰীয়া শেতালী, বালিসৰা, লঠাৰবৰিকে ধৰি বৃহত্তৰ অঞ্চলত গভীৰ শোকৰ ছাঁ বিয়পি পৰিছে৷ ইফালে, তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে এচ কে বি এল শ্ৰীমন্ত শংকৰ জন্মোসৱ উদ্যাপন সমিতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুৰুষোত্তম আঞ্চলিক, নৱজ্যোতি পুথিভৰাঁলকে ধৰি বিভিন্ন অনুষ্ঠানৰ লগতে বিশিষ্ট সমাজকৰ্মী বকুল দেউৰী, নগাঁও জিলা অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি সঞ্জীৱ দেউৰী, ৰহা আঞ্চলিক পঞ্চায়তৰ সভাপতি যতীন শইকীয়া, সমাজকৰ্মী ধীৰেণ হাজৰিকা, নগাঁও জিলা কৃষান মৰ্চাৰ সম্পাদক লক্ষ্যধৰ মেধিকে ধৰি বহু সংখ্যক গুনমুগ্ধ তেওঁৰ বাসগৃহত সমবেত হৈ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে৷ বহু গুণধাৰী সৎ, অমায়িক আৰু সৰবৰহী ব্যক্তি শইকীয়াৰ মৃত্যুত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসকে প্ৰমুখ্য কৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ বেদনা জ্ঞাপন কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰৰ লগতে অনেক আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়৷