পঙ্কজ নাথঃ কামৰূপ জিলাৰ শালমাৰাত ১৯৩৬ চনত জন্মগ্ৰহণ কৰা বৰ্তমানৰ ডোৰাকহৰা নিবাসী হৰকান্ত ডেকাৰ বাৰ্ধক্যজনিত কাৰণত যোৱা ১২ মে’ৰ সন্ধিয়া ৫-৩০ মান বজাত ৮৬ বছৰ বয়সত নিজ বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে। প্ৰয়াত ডেকা ভাৰতীয় জীৱন বীমা নিগমৰ এগৰাকী অবসৰপ্ৰাপ্ত কৰ্মচাৰীৰ লগতে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ একনিষ্ঠ সেৱক আছিল। কামৰূপৰ ডোৰাকহৰা অঞ্চলৰ এগৰাকী ভকতৰূপে পৰিচিত প্ৰয়াত ডেকাই মৃত্যুৰ সময়ত তেওঁৰ পত্নী, পুত্ৰ বোৱাৰী, জী জোঁৱাই সহ আত্মীয় স্বজন আৰু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। তেখেতৰ মৃত্যুত ডোৰাকহৰাৰ লগতে তেওঁৰ জন্মস্থান শালমাৰা অঞ্চলৰ ৰাইজৰ লগতে অসংখ্য ভকত বৈষ্ণৱে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।