নিউজ ডেস্কঃ এক লাখ চৰকাৰী পদত নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত ক্ৰমাগতভাৱে অগ্ৰসৰ হৈ ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰে নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ। এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুঠ ১,২০৮গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। নিযুক্তি পত্ৰসূহ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
ইয়াৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১,১৩৬গৰাকী প্ৰাৰ্থী আৰু গৃহ আৰু ৰাজনৈতিক বিভাগত ৭২গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। নিযুক্তি প্ৰাপ্ত ষ্টাফ নাৰ্ছসকলক মাৰ্জিত ব্যৱহাৰ, কৰ্তব্যপৰায়ণতাৰে জনসাধাৰণলৈ সেৱা আগবঢ়াবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰজ বৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় প্ৰধান সচিব অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ড° লক্ষ্মীপ্ৰিয়া প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।