শ্ৰীনগৰঃ জম্মু-কাশ্মীৰত শুকুৰবাৰৰ পিছত শনিবাৰে নিশাও সন্ত্ৰাসবাদী দমন অভিযান অব্যাহত থাকে। এই অভিযানকালত নিৰাপত্তাৰক্ষীৰ হাতত ৩ সন্ত্ৰাসবাদী নিহত হয়। সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত এজন আৰক্ষীৰ জোৱানো শ্বহীদ হয়। শ্ৰীনগৰৰ পন্থা চৌক এলেকাত সংঘটিত হৈছে এই ঘটনা।