মঙলবাৰে সুৰক্ষা সঁজুলি অবিহনে নৰ্দমাত নামি কাম কৰাৰ পিছতে শোকাৱহ দুৰ্ঘটনাত চাৰিজন শ্ৰমিকৰ কৰুণ মৃত্যু ঘটে ৰাজধানী দিল্লীত। বাহৰী দিল্লীৰ বদলী অঞ্চলৰ নৰ্দমাত কাম কৰিবলৈ যোৱা মহানগৰ টেলিফোন নিগম লিমিটেড চমুকৈ এমটিএনএলৰ তিনি কৰ্মচাৰীসহ চাৰিজন লোকৰ মৃত্যু হয়। সাহসিকতা দেখুৱাই কৰ্মচাৰীসকলক বচাবলৈ নৰ্দমাত অৱতৰণ কৰা ৰিক্সা চালক এজনৰো মৃত্যু হয়। এমটিএনএলৰ তিনিজন কৰ্মচাৰীসহ চাৰিজন লোক সৰু নলাত আৱদ্ধ হোৱাৰ পিছতে শ্বাসৰুদ্ধ হৈ মৃত্যু বৰণ কৰে৷ দিল্লীৰ বদলী অঞ্চলৰ নৰ্দমাত কাম কৰিবলৈ গৈছিল। মৃতসকলৰ ভিতৰত এজন ৰিক্সা চালক আছে যিগৰাকী ৰিক্সাচালকে তিনি কৰ্মচাৰীক উদ্ধাৰৰ বাবে নৰ্দমাত অৱতৰণ কৰিছিল৷ কিন্তু নৰ্দমাৰ বিষাক্ত গেছৰ আঘাতৰ ফলত চাৰিও জনৰ মৃত্যু হয়।
বাহৰী উত্তৰ দিল্লীৰ ডিচিপি ব্ৰজেন্দ্ৰ যাদৱৰ মতে, মঙলবাৰে সন্ধিয়া প্ৰায় ৬ঃ৩৪ বজাত এটা পিচিআৰ কল লাভ কৰে৷ এমটিএনএলৰ তিনিজন কৰ্মচাৰী বদলি অঞ্চলৰ নৰ্দমাত কাম কৰিবলৈ গৈছিল কিন্তু বাহিৰলৈ ওলাই আহিব পৰা নাই৷ যাৰ পিছত অগ্নি নিৰ্বাপক বিভাগ আৰু দিল্লী আৰক্ষীৰ চাৰিখন বাহন তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয়। লগে লগে এম্বুলেন্স এখনো মাতি অনা হয়৷ ঘটনাস্থলীত উপস্থিত হৈ দেখে যে এমটিএনএলৰ তিনিজন কৰ্মচাৰীক বচাবলৈ এজন ৰিক্সা চালকেও নৰ্দমাত জঁপিয়াই পৰিছিল আৰু নৰ্দমাৰ পৰা ওলাই আহিব নোৱাৰিলে।
আৰক্ষীয়ে জেচিবি মেচিনেৰে নৰ্দমা খনন কৰি নৰ্দমাৰ লোহাৰ জালৰ ওপৰত থকা চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে৷ যিটো নৰ্দমাত থকা এমটিএনএল তাঁৰবোৰ পৃথক কৰিবলৈ স্থাপন কৰা হৈছে। নিহতসকলক বাচ্চু সিং, পিন্টু, সুৰজ কুমাৰ চাহনী আৰু সতীশ বুলি চিনাক্ত কৰা হৈছে।
৩৮ বছৰীয়া সতীশ এজন ৰিক্সাচালক৷ ৰোহিণী চেক্টৰ ১৬ৰ বাসিন্দা৷ আনহাতে বাকীসকল এমটিএনএলৰ কৰ্মচাৰী যাক ঠিকাদাৰৰ জৰিয়তে এমটিএনএলৰ সৈতে চুক্তিত নিয়োগ কৰা হৈছিল। আৰক্ষীয়ে দৰিদ্ৰ ৰিক্সা চালকজনৰ পৰিয়ালক বিচাৰি উলিয়াইছে। আৰক্ষীয়ে কয় যে দৰিদ্ৰ ৰিক্সাচালকজনৰ সাহসিকতাৰ বাবে পৰিয়ালক আৰ্থিক সহায় আগবঢ়োৱা হ’ব।