বঙাইগাঁওঃ মঙলবাৰে ৰাজ্যজুৰি শ্বহীদৰ তেজৰ মূল্য বিচাৰি অনশনত বহিল অসম আন্দোলনৰ শ্বহীদ-নিৰ্যাতিতা পৰিয়ালৰ লোক৷ বঞ্চিত আৰু অৱহেলিত হৈ থকা অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ লোকে অধিকাৰ, প্ৰাপ্য বিচাৰি ৰাজপথত আন্দোলন কৰি থকাৰ পিছতো শ্বহীদ পৰিয়ালৰ বিননি, চকুলোৱে হৃদয় কপাব পৰা নাই চৰকাৰৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা-বঙাইগাঁও জিলাৰ শ্বহীদ পৰিয়ালৰ লোকে হাতে হাতে ফেষ্টুন, বেনাৰ, পোষ্টাৰ লৈ অনশনত বহে৷
বঙাইগাঁও চহৰৰ আছু কাৰ্যালয় শ্বহীদ ভৱনত জিলা দুখনৰ শ্বহীদ পৰিলায়ালে প্ৰাপ্য, অধিকাৰ বিচাৰি আমৰণ অনশনত বহে৷ সদৌ অসম শ্বহীদ নিৰ্যাতিতা পৰিয়াল পৰিষদৰ বঙাইগাঁও আৰু গোৱালপাৰা জিলা সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ ২০১৬ বৰ্ষত মুখ্যমন্ত্ৰী সোণোৱালে চৰকাৰৰ ১০০ দিনৰ কাৰ্যসূচীত ৩১৫গৰাকী শ্বহীদ পৰিয়ালক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু ৪ বছৰ পাৰ হল যদিও নিযুক্তি হলে আজিলৈ নহ’ল৷ ২০১৮ বৰ্ষত ৫গৰাকী লোকক চাকৰি দিয়েই দায়িত্ব সামৰিলে চৰকাৰে৷ বঞ্চিত হৈ থাকিল ৩১০গৰাকী লোক৷ অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত ৩১০ গৰাকীক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰে শ্বহীদ পৰিয়ালৰ লোকে৷ ইতিমধ্য ৩১০গৰাকী লোকে অসম চৰকাৰৰ ২১টা বিভাগত আবেদনো কৰিছে৷
শ্বহীদ পৰিয়ালৰ লোকসকলে দাবী উত্থাপন কৰি কয় শ্বহীদৰ তেজ আৰু ত্যাগৰ দলিল অসম চুক্তিৰ ৭৯ পৃষ্ঠাৰ ৬ নং দফাত শ্বহীদ-নিৰ্যাতিতা পৰিয়ালৰ উন্নয়নৰ আঁচনি, স্থায়ী নিযুক্তি, আসন সংৰক্ষণ অন্তৰ্ভূক্ত কৰা আছে আৰু সেই মতে, শীঘ্ৰে ৰূপায়নৰ ব্যৱস্থা কৰক৷