ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ বিলাৱাৰৰ ধনু পেৰোল গাঁৱত শুকুৰবাৰে সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত পাঁচজন লোক নিহত হোৱাৰ লগতে ১৫ জন গুৰুতৰভাৱে আহত হয়।
আৰক্ষীয়ে জনোৱা অনুসৰি, কুগৰ পৰা ডুনু পেৰোললৈ যোৱা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। আহত ১৫ জনক ততাতৈয়াকৈ বিলাৱাৰৰ উপ-জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
মৃতসকলক বান্টু, হংস ৰাজ, অজিত সিং, আমৰু আৰু কাকু ৰাম বুলি চিনাক্ত কৰা হৈছে। আনহাতে বিলাৱাৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷