জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ সমাজ কল্যাণ বিভাগৰ খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আৰু শেনচোৱা গাঁও পঞ্চায়তৰ সহযোগত মঙলবাৰে শেনচোৱা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ প্ৰাংগনত লিংগ ভিত্তিক নিৰ্যাতন ৰোধৰ বাবে বিশেষ গাঁও সভাৰ লগতে আন্তৰ্জাতিক নাৰী দিৱস অনুষ্ঠিত কৰা হয়। শেনচোৱা গাঁও পঞ্চায়তৰ সভাপতি ৰাজীৱ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সমল ব্যক্তি হিচাবে ভাষন দি খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ মূখ্য সেৱিকা জুন্তি হাজৰিকাই শিশুৰ মানসিক চিন্তাৰ উত্তৰন, বাল্য বিবাহ, গাহ্যস্থ হিংসা আৰু শিক্ষাৰ অধিকাৰ সন্দৰ্ভত মাতৃ সমাজক উদ্দ্যেশি ভাষন প্ৰদান কৰে। মুখ্য সেৱিকা ৰুলিমনি শইকীয়াই আঁত ধৰি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে মহিলা সকলক ওলগ যাচি মহিলা সকলৰ শিক্ষা, সুৰক্ষা আৰু অধিকাৰ আদিৰ ওপৰত আলোকপাত কৰে। সভাত বিশিষ্ট অতিথি সাংবাদিক দেৱজিৎ হাজৰিকা উপস্থিত থাকি প্ৰদান কৰা ভাষণত ৰামায়নৰ সীতা, মহাভাৰতৰ দ্ৰুপদী আৰু অসমৰ বীৰাংগনা মূলা গাভৰুৰ দৰে আগুৱাই যাবলৈ নাৰী সমাজৰ প্ৰতি আহ্বান জনায়। লগতে তেওঁ নাৰীসকলক ভক্ত প্ৰহ্লাদৰ দৰে সন্তান জন্ম দিবলৈ আহ্বান জনায়। সভাত খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অভিজিত চক্ৰবতী আৰু পঞ্চায়ত বিষয়া লেলিন মহন্তই নাৰী সকলক বাদ দি সমাজৰ উন্নয়ন নহয় বুলি ভাষনত উল্লেখ কৰে। শিল্পী সুনয়না বৰাই বৰগীত পৰিবেশনৰে শুভাৰম্ভ কৰা সভাখনিত খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰিসংখ্যা বিষয়া বিপুল বৰা, মুখ্য সেৱিকাসকল, অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ লগতে গ্ৰামীন জীৱিকা সখী, আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত থাকে৷ দিহা নামৰ শিল্পী মামনি ডেকাক বিশেষভাবে সম্বৰ্ধনা জনোৱা সভাখনিত বাল্য বিবাহ আৰু ঘৰুৱা হিংসাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ সংকল্প লোৱা হয়৷