গুৱাহাটীঃ ৰাজ্যত ভয়াবহ ভাৱে ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰশাসনে কিছু কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে। নিশাৰ কাৰ্ফিউ কঠোৰ কৰাৰ লগতে ৰাজধানী গুৱাহাটী মহানগৰীত লক-ডাউন ঘোষণা কৰিছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি গুৱাহাটী মহানগৰীৰ শেহতীয়া পৰিস্থিতি বৰ্ণনা কৰি কাৰ্ফিউৰ সময় সলনি কৰে।
এতিয়াৰ পৰা পুৱা ৯ বজাৰ পৰিবৰ্তে পুৱা ৭ বজাত আৰু নিশা ৯বজাৰ পৰিবৰ্তে নিশা ৭ বজাৰ পৰা কাৰ্ফিউ আৰম্ভ হ’ব৷ এই ঘোষণা দুদিনৰ বাবেহে৷ দুদিনৰ পিছত অৰ্থাৎ দেওবাৰৰ নিশাৰ পৰা ১৪ দিনৰ সম্পূৰ্ণ লক-ডাউন ঘোষণা কৰিছে গুৱাহাটী মহানগৰীক৷ গুৱাহাটী মহানগৰীত প্ৰতিদিনে ক’ৰোনা আক্ৰান্ত ৰোগী দ্ৰুত গতিত বৃদ্ধি হোৱাৰ সময়তে ৰাজ্য চৰকাৰে গণ সংক্ৰমণৰ আশংকা কৰি পুনৰ লক-ডাউন ঘোষণা কৰিছে৷
শুকুৰবাৰে সংবাদমেলত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীত অহা সোমবাৰৰ পৰা ১৪ দিনৰ বাবে লক-ডাউন বলৱৎ হ’ব বুলি ঘোষণা কৰে৷ গুৱাহাটীত কোৱিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধই পাবলৈ ধৰা বুলি কৈ মন্ত্ৰী হিমন্তই কয় যে গুৱাহাটী মহানগৰীত গণ সংক্ৰমণ হ’বলৈ আৰম্ভ কৰে। সেয়ে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছো। আনহাতে শুকুৰবাৰে নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি ৰাজ্যত পুনৰ ২৭৩গৰাকী নতুন ৰোগী ধৰা পৰাৰ কথা উল্লেখ কৰে। এই ২৭৩গৰাকী ৰোগীৰ ভিতৰৰ ২০৩গৰাকী ৰোগী আছিল গুৱাহাটীৰ।
মন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় ”ৰাজ্যত নতুনকৈ ২৭৩ গৰাকী লোক কোৱিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে৷ অকল গুৱাহাটী মহানগৰীতেই এনে ৰোগীৰ সংখ্যা ২০৩ গৰাকী বাঢ়িছে৷ সেয়ে তলাবন্ধৰ নিৰ্দেশাৱলী আমি সঠিকভাৱে মানি চলাৰ সময় আহি পৰিছে৷ জনসাধাৰণৰ সহায়-সহযোগিতাৰ বলতহে আমি এই যুঁজত সফল হ’ব পাৰিম৷ অসমত বৰ্তমানলৈ আক্ৰান্ত লোকৰ সংখ্যা ৬৯১৯ জন৷ ৰাজ্যত সম্প্ৰতি ২৬৬০ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে৷’’ এই পৰ্যন্ত ৰাজ্যখনত ১০গৰাকী ৰোগীৰ মৃত্যু হৈছে।