শিৱসাগৰঃ ৰাজ্যৰ প্ৰতিখন জিলাত ক’ৰোনা ৰোগীৰ সংখ্যা বাঢ়ি অহাৰ সময়তে উজনিৰ শিৱসাগৰ জিলাৰ সদৰৰ ১৪নং ৱাৰ্ডৰ এটা অংশ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে৷ ১৪ নং ৱাৰ্ডৰ গোহাঁইচুকৰ এগৰাকী মহিলাৰ কোৱিড-১৯ পজিটিভ পোৱাৰ পিছতে প্ৰশাসনে এই ঘোষণা কৰে৷
জানিব পৰা মতে, কিছুদিন পূৰ্বে গোহাঁইচুকৰ ৫৮ বছৰীয়া সূৰ্যলতা গগৈ নামৰ মহিলাগৰাকীয়ে দিল্লীৰ পৰা ঘৰলৈ আহিছিল৷ দিল্লীৰ পৰা অহাৰ পিছত ঘৰতেই কোৱাৰাণ্টাইন হৈ আছিল৷ ২২ জুনত নমুনা সংগ্ৰহ কৰে স্বাস্থ্য বিভাগে৷ শনিবাৰে নিশা ফলাফল পজিটিভ অহাৰ পিছতে মহিলাগৰাকীক নিশাই শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷
মহিলাৰ স্বামীক বৰ্তমানলৈকে পৰীক্ষা কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। শিৱসাগৰ জিলা প্ৰশাসনে মহিলগৰাকীৰ আৱসাগৃহ এলেকাক কণ্টেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰিছে।