শিৱসাগৰঃ শিৱসাগৰ সদৰত সোমবাৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ পৰিবেশ প্ৰভাৱ মূল্যায়ন আইন-২০২০ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে নগৰৰ দলমুখ চাৰিআলিত ইআইএৰ প্রতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ পৰিৱেশলৈ ভাবুকি কঢ়িয়াই অনা ইআইএ-২০২০ অধিসূচনা বাতিল কৰাৰ দাবীত সংগঠনটোৱে প্ৰতিবাদী কার্যসূচী ৰূপায়ণ কৰি চৰকাৰে খনিজ সম্পদ লুণ্ঠনৰ এক ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ কৰে।
অসমৰ জলন্ত বানপানী সমস্যাৰ আজিও স্থায়ী সমাধান নোহোৱা স্বত্বেও জলবিদ্যুৎ প্ৰকল্প নির্মাণৰ সিদ্ধান্তই অসমৰ ৰাইজক আগন্তক দিনত আৰু বেছি বিপদৰ সন্মুখলৈ ঠেলি দিব বুলি কয়। সংগঠনটোৱে এনে সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব বুলি স্পষ্ট কৰে। জাতি, মাটি, ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰে খিলঞ্জীয়াৰ ভৰিৰ তলৰ মাটি উচন কৰিব বুলিও কয় সংগঠনটোৱে। ইআইএ-২০২০ অধিসূচনা বাতিল নকৰা পৰ্যন্ত আৰু নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্রতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰে।