ৰাজ্যত শেষবাৰৰ বাবে অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিছে শিৱসাগৰ জিলাই৷ সামগ্ৰীকভাৱে শিৱসাগৰ জিলাই উন্নত কৰিছে ফলাফল৷ জিলাখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৮৭০১গৰাকী শিক্ষাৰ্থী। ৭০৬৩গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ লগতে উত্তীৰ্ণ হাৰ ৮১.১৭ শতাংশ। উত্তীৰ্ণ ৭০৬৩গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২৬৩০ গৰাকী প্ৰথম বিভাগত, ২৯৫৮ গৰাকী দ্বিতীয় আৰু ১৪৭৫ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। উজনি অসমৰ শিৱসাগৰ জিলাৰ ছয়গৰাকী মেধাই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি ৬গৰাকী শিৱসাগৰৰ শিক্ষাৰ্থীয়ে প্ৰথম দহোটা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ৬ গৰাকী ছাত্ৰ–ছাত্ৰীয়ে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। শিৱসাগৰ হলিনেম স্কুলৰ অৰিণ ভূঞা, নিতাইপুখুৰীৰ শংকৰদেৱ শিশু নিকেতনৰ জ্যোতিৰ্ময় দত্তই নৱম স্থান লাভে কৰিছে৷ আনহাতে, শিৱসাগৰ নিউ লুক একাডেমিৰ প্ৰিয়ানুজ বৰদলৈ, ডিমৌ গাৰ্লছ হাইস্কুলৰ দীপশিখা বৰুৱাই সপ্তম স্থান লাভ কৰু উজনিৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শিৱসাগৰ সুন্দৰমল মডাৰ্ণ স্কুলৰ দুগৰাকী মেধাৱী ছাত্ৰ হিমাংশু দাস আৰু ৰক্তোৎপল বৰাই দশম স্থান লাভ কৰিছে।