শিৱসাগৰঃ শিৱসাগৰৰ বেতন বঞ্চিত শিক্ষক-শিক্ষয়িত্ৰী সকলে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সুমতি কামনা কৰি আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে।
উল্লেখ্য যে জিলাখনৰ ১৫৩০ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী যোৱা প্ৰায় ৮ বছৰ ধৰি বেতন বঞ্চিত হৈ আছে। সুদীৰ্ঘ দিন ধৰি প্ৰাপ্য দৰমহা কেইটাৰ পৰা বঞ্চিত হৈ থকা শিক্ষক-শিক্ষয়িত্ৰীসকলে ছেপ্টেম্বৰ মাহৰ ভিতৰত তেওঁলোকৰ দৰমহা মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।
লক্ষ্যনীয় যে, সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা মানি, গণতন্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ অহা শিক্ষক-শিক্ষয়িত্ৰী সকলক জিলা প্ৰশাসনে অতি দমনমূলকভাৱে খেদি পঠিয়ায়।