ফাৰহান লস্কৰ, থাওৰাঃ শিৱসাগৰৰ বাকচু মহিলা সমিতিৰ উদ্যোগত মহাসতী জয়মতীৰ স্মৃতি দিৱস পালন কৰা হয়৷ বিভিন্ন প্ৰান্তত জয়মতী নাটক প্ৰদৰ্শন কৰা হয়। জয়মতী স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি পুৱা কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত কবিতা আবৃতি আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিৱসাগৰৰ ঐতিহাসিক বাহগঁড়ৰ সমীপৰ বাকচু খেলুৱা গাঁৱত শৌৰ্য্য-বীৰ্য্য অক্ষুণ্ণ ৰাখি বিগত নিশা অনুষ্ঠিত কৰা হয় জয়মতীৰ স্মৃতি দিৱস। বাকচু খেলুৱা, মাউৎ গাঁৱৰ দুুৱৰী গাঁও, বাকচু কোঁৱৰ গাঁও আন আন গাঁওসমূহত মহিলাসকলৰ উদ্যোগত মঞ্চস্থ কৰে জয়মতী নাটক। নতুন প্ৰজন্মক জয়মতীৰ দেশপ্ৰেম, সাহস, ত্যাগ, আত্মবলিদান দেখুৱাৰ প্ৰয়াস পৰিস্ফুত হয় জয়মতীৰ নাটকখনৰ মাধ্যমেৰে। দেশ, জাতিৰ ৰক্ষাৰ স্বাৰ্থত আত্মবলিদান দিয়া এইগৰাকী প্ৰথম অসমীয়া নাৰীক অকথ্য নিৰ্যাতনৰ যুগে যুগে ইতিহাসৰ পটভূমিত উজ্বলি থাকিব।