থাওৰাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সামান্তৰালকৈ শিৱসাগৰৰ বিভিন্ন প্ৰান্ততো মাফিয়া চক্ৰই মৰাত্মক ড্ৰাগছ সৰবৰাহ কৰি থকা ঘটনাই আৰক্ষীকো বিমোৰত পেলোৱা পৰিলক্ষিত হৈছে। শিৱসাগৰৰ জেঙনিকটীয়াত মৰাত্মক ড্ৰাগছসহ এজন যুৱকক আৰক্ষীয়ে আটক কৰা ঘটনাৰ পাছতে অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে। ৰাইজৰ অভিযোগৰ ভিত্তিত শিৱসাগৰ সদৰ আৰক্ষীয়ে ৰংঘৰ চাৰিআলিৰ ৰাজু আলী নামৰ এজন যুৱকক আটক কৰে। এটা সৰু কণ্টেনাৰত ড্ৰাগছ কঢ়িয়াই অনাৰ অভিযোগ উঠিছে যুৱকজনৰ বিৰুদ্ধে। কিন্তু ক’ৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল সেই কথা এতিয়াও অৱগত হ’ব পৰা নাই আৰক্ষী। যদিও অভিযুক্তক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। আনহাতে, শিৱসাগৰৰ ৰংঘৰ চাৰিআলি, কালুগাওঁ, নামতি, থাওৰাৰ ডিমৌ, নিতাইপুখুৰী, আমগুৰিৰ হালোৱাটিং আৰু নাজিৰাৰ বালিঘাট, শিমলুগুৰি, অ’এনজিচি আবাসিক এলেকাৰ দিখৌ নদীৰ কাষ, বৰতল, মেকিপুৰ, গেলেকী আদিত বহুকেইজন ধুৰন্দৰ যুৱকে অতি কৌশলেৰে মৰাত্মক ড্ৰাগছ সৰবৰাহ কৰা বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰি আহিছিল। চক্ৰটোৱে স্কুটি, মটৰ চাইকেলৰ জৰিয়তেও দিনৰ ভাগতে চিপছ, মোগল পেকেট আৰু বিস্কুট আদি লৈ গাঁও সমূহতো ড্ৰাগছ সৰবৰাহ কৰাৰ সন্দেহ কৰিছে ৰাইজে।