শিৱসাগৰঃ মানুহৰ মন বেয়া, মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে, চৰকাৰে ৮০০ টকা, ১০০০টকা দিছে, কিন্তু দাইল, তেল আৰু টেক্স আদিৰ নামত সেই পৰিয়ালৰ পৰাই ৫০০০-৬০০০ টকা লৈ গৈছে। ২৫ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি ১ লাখৰ হিচাপ দিয়াত ব্যস্ত। ১ লাখ যোগ নে বিয়োগ বুলি ভাবিম বুলি প্ৰশ্ন বিধায়কজনৰ। শিৱসাগৰত সংবাদমেলত বিধায়ক ৰকিবুল হুছেইনে উভতি ধৰে চৰকাৰক। বিধায়কজনে আছিকুল এনকাউণ্টাৰ সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিকুলৰ দুৰ্ঘটনাত মৃত্যু ঘটা ঘটনাৰ হাইকৰ্টৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত দাবী কৰে ৰকিবুল হুছেইনে।
শিৱসাগৰৰ শিক্ষক নিযুক্তি কেলেংকাৰি সম্পৰ্কত কেলেংকাৰিৰ প্ৰসংগ এৰাই চলি ৰকিবুল হুছেইনে কটাক্ষ কৰি কয় যে এতিয়া কেলেংকাৰিৰ কথা কোৱাসকলে নিজৰ গাট চিকুটি চাওক। APSC কেলেংকাৰিৰ সময়তো এখন তালিকা ওলাইছিল। তালিকাখন কাৰ আছিল সকলোৱে জানে। এতিয়া সেইসকলেই চিকাৰী দেখি উট পক্ষী হৈছে। বালিত মূৰ গুজি নিজক বচাব খুজা বুলি মন্তব্য কৰে বিধায়কজনে।