শিৱসাগৰঃ ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰতিৰোধমূলক নীতিৰ বাবে বিভিন্ন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছে। সংক্ৰমণৰ ভয়, সামাজিক দূৰত্ব, অধিক ব্যক্তিৰ সমাৱেশ, ৰাজহুৱা পৰিবহণ ব্যৱস্থাত নিষেধাজ্ঞা আদি নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণৰ লগতে বিগত দিনত বলৱৎ কৰা লকডাউনে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত এক মাৰমুখী প্ৰভাৱ পেলালে।
যাৰ বাবে বেচৰকাৰী খণ্ডৰ ৰাজহুৱা পৰিবহণ খণ্ডটো অতিকৈ আক্ৰান্ত হয়। বিশেষকৈ আন্তঃজিলা আৰু দূৰণিবটীয়া বাহন সমূহ ব্যাপক লোকচানৰ সন্মুখীন হব লগাত পৰে। এতিয়া যদিও লকডাউন শিথিল কৰা হৈছে তথাপিও এই খণ্ডৰ লগত জড়িত সকলে মূৰদাঙি উঠিব পৰা নাই।যাৰ বাবে আজি শিৱসাগৰ নগৰৰ ৰাজ্যিক পৰিবহণ নিগম চৌহদৰ কাৰ্যালয়ত উজনি অসম বাছ মালিক সন্থাই এক সংবাদ মেলৰ আয়োজন কৰি এই খণ্ডৰ সৈতে জড়িত ব্যৱসায়ী সকলে লাভ কৰা অসুবিধাৰ কথা উল্লেখ কৰি চৰকাৰক কেতবোৰ ৰেহাই প্ৰদান কৰিবলৈ আহবান জনায়।
লকডাউনৰ সময়ত চৰকাৰে বিত্তীয় প্ৰতিষ্ঠান সমূহক ঋণৰ কিস্তি গ্ৰহণ নকৰিবলৈ আহবান জনাইছিল যদিও বহু বিত্তীয় প্ৰতিষ্ঠানে কিস্তি কৰ্তন কৰাৰ পৰা বিৰত আছে যদিও কিস্তিৰ সুদ দুগুণ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছে বাছ মালিক সন্থাই। সেইদৰে গাড়ী সুষম ৰূপত চলাব পৰা নাই যদিও চৰকাৰী কৰসমূহ কিন্তু নিয়মিত প্ৰদান কৰিবলৈ বাধ্য হৈছে বাছ মালিক সকলে। বিশেষকৈ ৰোড টেক্স প্ৰদানত বিশেষকৈ অপাৰগ হৈ পৰিছে বাছ মালিক সকল।
ইঞ্চুৰেন্সৰ দিশত কোম্পানী সমূহে প্ৰিমিয়াম প্ৰদানৰ দিন ৰেহাই নিদিয়াৰ বাবে ঘাটি ব্যৱসায়ৰ মাজত এই সমূহ খৰছ বহন কৰিব লগা হৈছে। এই দিশ সমূহ বিবেচনা কৰি সন্থাই ৰোড টেক্স মাফ কৰা, ঋণৰ কিস্তিৰ সুদ কমাই লোৱা, প্ৰিমিয়াম প্ৰদানৰ বাবে ৰেহাই দিন ঘোষণা কৰা আদি বিষয় সমূহত চৰকাৰৰ তৰফৰ পৰা সহায়ৰ আহবান জনাইছে।
বৰ্তমানৰ পৰিস্থিতিত যাত্রী পৰিবহণৰ বাবে চৰকাৰে বান্ধি দিয়া নিয়ম সমূহ পালন কৰি এক অত্যাধিক খৰছৰ বোজা গ্ৰহণ কৰা বাছ মালিক সকলৰ এই আহ্বানত সঁহাৰি জনাবলৈ দাবী জনাইছে উজনি অসম বাছ মালিক সন্থাই। ইয়াৰ লগতে ডিজেলৰ মূল্যবৃদ্ধি আৰু বাছ ব্যৱসায়ৰ লগত জড়িত কৰ্মচাৰী সকলৰ পৰিয়াল চলাব লগা হোৱাত এই ব্যৱসায় চলাই নিয়া অসম্ভৱ হৈ পৰিছে। এনেস্থলত চৰকাৰে এই দিশ সমূহত গুৰুত্ব প্ৰদান কৰিবলৈ শিৱসাগৰ, যোৰহাট, শোণিতপুৰ আদি স্থানৰ পৰা আহি আজিৰ সংবাদ মেলত অংশ লোৱা বাছ মালিক সকলে আহবান জনাইছে।