শিৱসাগৰঃ উজনিৰ শিৱসাগৰ জিলাত পুনৰ ধৰা পৰিছে ৫গৰাকী কোভিড পজিটিভ ৰোগী৷ ইয়াৰে তিনিজন ভ্ৰমণ বৃত্তান্ত নথকা লোক আক্ৰান্ত হৈছে ক’ৰোনাত৷
ৰংঘৰ চাৰিআলিৰ বাছ চালক দেৱজিৎ নেওঁগ আৰু তেওঁৰ পত্নী স্মৃতি নেওঁগ আক্ৰান্ত হৈছে কোভিডত৷ আনহাতে শিৱসাগৰ যমুনাপাৰ পিয়লি ফুকন পথ নিবাসী অনিতা পাইট আক্ৰান্ত হৈছে কোভিডত৷ এই তিনিগৰাকী লোকৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই৷
আন দুগৰাকী কোভিড আক্ৰান্ত প্ৰতীম লাহন আৰু জুলি লাহন মহাৰাষ্ট্ৰৰ পৰা আহি জাঁজীৰ নন্দনবন হোটেলত কোৱাৰাণ্টাইন হৈ আছিল৷ আটাইকেইজন লোকক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে৷ যোৱা কেইবাটাও ঘণ্টাৰ ভিতৰতে শিৱসাগৰত ১২গৰাকী লোক আক্ৰান্ত হৈছে।