ৰজনীকান্ত পাংগিংঃ আজি ৩১ মে’। বিশ্ব ধঁপাত বিৰোধী দিৱস। আজি শিৱসাগৰ মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰগতি শাখাৰ মহিলাসকলে বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন কৰি শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰকে ধৰি বিভিন্ন স্থানত ধঁপাত সেৱনৰ বিৰোধিতাৰে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। হাতে হাতে ধঁপাত বিৰোধী প্লে-কাৰ্ড লৈ প্ৰগতি শাখাৰ সদস্য তথা শিৱসাগৰৰ মাৰোৱাৰী সম্প্ৰদায়ৰ যুৱতী আৰু মহিলাসকলে চহৰৰ বিভিন্ন স্থানত কেঞ্চাৰৰ দৰে মাৰাত্মক বেমাৰৰ বাহক ধঁপাত সেৱনৰ পৰা বিৰত থাকি নিজৰ লগতে নিজৰ পৰিয়ালটোক সুস্থ সবল কৰি এখন সুন্দৰ সমাজ গঢ়াত সহযোগিতা আগবঢ়াবলৈ সকলোকে আহ্বান জনায়।