ৰাইজৰ দলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰ চহৰত সমদল উলিওৱাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ বাক-বিতণ্ডা লগাত লগতে সৃষ্টি হয় হতা-হতি। ৰাইজৰ দলৰ দুই শতাধিক কৰ্মী তথা বিষয়-ববীয়াই মূল্যবৃদ্ধি ৰোধ কৰক, যোগান বিভাগ হায়ঃ হায়ঃ শ্ল’গান দি উত্তাল কৰে চহৰৰ ৰাজপথ। শিৱসাগৰ টাই বিকাশ সাংস্কৃতিক কেন্দ্ৰৰ পৰা ষ্টেচন চাৰিআলিলৈ সমদল উলিয়াই গৈ থকাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰাত উত্তপ্ত হৈ পৰে পৰিস্থিতি। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ বাক বিতণ্ডা লগাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ হতাহতি লাগে। দুই শতাধিক কৰ্মী তথা বিষয়-ববীয়াই মূল্যবৃদ্ধি ৰোধ কৰক, যোগান বিভাগ হায়ঃ হায়ঃ আদি শ্ল’গান দি উত্তাল কৰে চহৰৰ ৰাজপথ। পৰিৱেশ অধিক উত্তপ্ত হৈ পৰাত জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱাত দৌলমুখ চাৰিআলিত আৰক্ষী, নিৰাপত্তাৰক্ষীয়ে বহু সময় ধৰি সমদলত আৱদ্ধ কৰি ৰাখে। মূল্য বৃদ্ধি ৰোধ নকৰিলে সমগ্ৰ ৰাজ্যজুৰি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়াৰ লগতে মন্ত্ৰী আৰু শাসকীয় দ’লৰ বিধায়কে মূল্য বৃদ্ধিকলৈ কৰা তুলুঙা মন্তব্য সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি বেদান্ত লস্কৰে। দৌলমুখ চাৰিআলিত প্ৰতিবাদী সমদলক সামৰণি মাৰে৷ ৰাইজৰ দল, কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিনিধিয়ে উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।