March 28, 2023, 8:37 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

শিল্পীৰ প্ৰতি অনুৰাগীৰ প্ৰেম- একে নিশাৰ ভিতৰত ১৩৫ ডাল সূতাৰে মৃদুপৱনে আঁকিলে জুবিনৰ ছবি…

Reporter Name
  • Update Time : Monday, August 24, 2020
  • 120 Time View

বটদ্ৰৱাঃ শিল্পীৰ জন্ম হয় অনুৰাগীৰ হৃদয়ৰ পৰা। যদি অনুৰাগী নাথাকে, তেন্তে শিল্পীৰ অস্তিত্বও শূণ্য। এই অনুৰাগী সকলেই শিল্পী নামৰ এটা সত্বাক জীয়াই ৰাখে। তেওঁলোকৰ বাবে কেতিয়াবা জীৱন দিবলৈও প্ৰস্তুত হয় অনুৰাগীসকল। বিভিন্ন ধৰণে তেওঁলোকে তেওঁলোকৰ প্ৰিয় শিল্পীজনৰ প্ৰতি থকা শ্ৰদ্ধা, সন্মান, ভালপোৱাখিনিৰ প্ৰতিফলন ঘটায়। অনুৰাগী যদি প্ৰতিভাৱান হয়, তেন্তে শিল্পীক তেওঁলোকে তুলি ধৰে কেতিয়াবা কবিতা, কেতিয়াবা গান বা কেতিয়াবা ছবিৰ মাজেৰেও।

অসমৰ জনপ্ৰিয় সংগীতশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ তেনে এগৰাকী অনুৰাগীয়েই হৈছে বটদ্ৰৱাৰ মৃদুপৱন বৰা। অনন্য প্ৰতিভাৰ অধিকাৰী মৃদুপৱনে তেওঁৰ প্ৰিয় শিল্পীজনৰ প্ৰতি থকা অগাধ ভালপোৱা প্ৰদৰ্শন কৰি একে নিশাৰ ভিতৰত ১৩৫ ডাল সূতাৰে আঁকি উলিয়ালে এখন চিত্ৰ। মৃদুপৱনৰ এই প্ৰতিভাক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।

বটদ্ৰৱাৰ ৰাইদঙীয়াৰ পহুকটা গাঁৱৰ প্ৰভাত বৰা আৰু বেবী বৰাৰ পুত্ৰ মৃদুপৱন বৰাৰ সৰুৰে পৰাই চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ প্ৰতি ৰাপ আছে। পূৰ্বেই ৰাজ্যৰ লগতে দেশ-বিদেশৰ বহু শিল্পীৰ ছবি তেওঁ তুলিকাত অংকন কৰিছে। কোনো প্ৰশিক্ষণ অবিহনেই তেওঁ নিৰ্মাণ কৰি আহিছে দেৱী সৰস্বতী, বিশ্বকৰ্মাকে ধৰি দেৱ-দেৱীৰ মূৰ্তি।

জুবিন গাৰ্গ মৃদুপৱনৰ সবাতোকৈ প্ৰিয় শিল্পীগৰাকীৰ নাম। যাৰ বাবে তেওঁ প্ৰিয় শিল্পীগৰাকীক মানস পটত তুলি ধৰাৰ এক অভিনৱ প্ৰচেষ্টা ভাৱি উলিয়ালে। তেওঁ ১৩৫ ডাল সূতাৰে অংকন কৰি উলিয়ালে জুবিন গাৰ্গৰ এখনি ছবি। মাত্ৰ এটা ৰাতিৰ ভিতৰত ইমান সুন্দৰকৈ তেওঁ অংকন কৰা ছবিখনে এতিয়া প্ৰশংসা লাভ কৰিছে। লগতে মৃদুপৱনৰ এক সুন্দৰ ভৱিষ্যতৰো কামনা কৰিছে সকলোৱে।

ছবি আঁকি মূৰ্তি নিৰ্মাণ কৰি বহুত ভালপায় ইয়াৰ পূৰ্বেও এই শিল্পী গৰাকীয়ে বহু চিত্ৰ অংকন কৰিছে আনকি জুৱিনক সেই চিত্ৰ প্ৰদানো কৰিছে।অকল এয়াই নহয় এই শিল্পী গৰাকীয়ে আই স্বৰস্বতীৰ মূৰ্তি আৰু প্ৰতিমাৰ খনিকৰ বিশ্বকৰ্মাৰ মূৰ্তি কোনো প্ৰশিক্ষণ নোলোৱাকৈ মাটিৰে নিৰ্মাণ কৰিছিল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে