বৰাকৰ কাছাৰৰ ডলু চাহ বাগিচাৰ উচ্ছেদৰ ঘটনাই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টিৰ সময়তে আজি ৰাজ্য প্ৰাশাসনে গুৱাহাটী মহানগৰীৰ এটা এলেকাত অবৈধ বেদখল মুক্ত কৰিবলৈ প্ৰয়াস কৰে৷ ঐতিহাসিক শিলসাকোৰ পাৰত অবৈধ বেদখল হোৱাৰ অভিযোগৰ মাজতে আজি দলে-বলে গৈ প্ৰশাসনে উচ্ছেদ অভিযান চলাই৷ আজি পুৱাই কিণকিণিয়া বৰষুণৰ মাজতে নিৰাপত্তাৰক্ষী দল লৈ গুৱাহাটী মহাগনৰ প্ৰশাসনে মহানগৰীৰ সমীপৱৰ্তী শিলসাকো বিলত উপস্থিত হোৱাৰ পিছতে চৌদিশে হাহাকাৰ লাগে৷ একাংশ লোকে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেও প্ৰশাসনে থমকি নৰৈ অভিযান চলাই৷ কুৰিখন বুলডজাৰ লৈ ঐতিহাসিক শিলসাকোৰ পাৰত উচ্ছেদ অভিযান চলাই৷ ফলত তচ-নচ হয় প্ৰায় ডেৰ শতাধিক বাসগৃহ৷ পূৰ্বে জাননী নিদিয়াকৈ প্ৰশাসনে উচ্ছেদ কৰাত গৃহহাৰা হৈছে৷ প্ৰায় ১৯০০ বিঘাৰ শিলসাকো বিলৰ এহেজাৰ বিঘা ভূমি বেদখল হৈছে বুলি জানিব পৰা গৈছে৷ প্ৰায় তিনিটা দশক ধৰি শিলসাকো বিলৰ পাৰত বসবাস কৰি আহিছে উচ্চেদিত পৰিয়ালসমূহে৷ চৰকাৰে বিদ্যুতৰ সংযোগ দিয়াৰ লগতে পৌৰ নিগমৰ হোল্ডিং নম্বৰ লৈ নিৰ্মাণ কৰিছিল ঘৰসমূহ৷ আনহাতে দুটা দশক পূৰ্বেই উক্ত এলেকাত চৰকাৰী পথ-নলা নিৰ্মাণ কৰা হৈছিল। কিন্তু আজি হটাতে শিলসাকো পাৰত উচ্ছেদ অভিযান চলোৱাত ডেৰ শতাধিক লোক গৃহহাৰা হৈ পৰে। আনহাতে একেটা অঞ্চলতে একাংশ ৰাজনৈতিক ভাৱে প্ৰভাৱশালী লোকে উক্ত এলেকাত মাটি দখল কৰা বুলি জানিব পৰা গৈছে৷