প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ভূমিত ডিমা-হাচাও জিলাৰ কেইবাটাও পথ বন্ধ হৈ পৰিছে৷ পাহাৰৰ শিল-মাটিয়ে পুতি পেলাইছে কেইবাটাও পথ৷ পথটোৰ কেইবাটাও এলেকা খহাই নিছে৷ বিশেষকৈ শিলচৰ-গুৱাহাটী সংযোগী পথত সম্পূৰ্ণ ৰূপে পথ হৈ পৰিছে৷ অসমৰ প্ৰশাসনে এক জাননী যোগে পথ সম্পূৰ্ণ ৰূপে মুকলি নোহোৱালৈকে শিলচৰৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী যাত্ৰা বৰ্জন কৰিবলৈ আহ্বান জনাইছে৷