গড়গাঁও মহাবিদ্যালয় প্ৰাংগণত আজি অনুষ্ঠিত গৰীৱ কল্যাণ সন্মিলনত অংশ লয় ড০ হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰৰ শিমলুগুৰি গড়গাঁও মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ সন্মিলন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে৷ অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰাৰ বিধাক সুশান্ত বৰগোহাঁই, শিৱসাগৰ জিলাৰ উপায়ুক্ত এম.এন.দাহাল উপস্থিত থাকে। গড়গাঁও মহাবিদ্যালয় প্ৰাঙ্গণত আয়োজিত অনুষ্ঠানত জিলাখনৰ সকলো প্ৰান্তৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকল্যাণ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মতবিনিময় আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ (পিএম-কিষাণ) অধীনত ১০ কোটিৰো অধিক কৃষকলৈ ২১,০০০ কোটি টকাৰ ১১তম কিস্তি হস্তান্তৰকৰণ। প্ৰধানমন্ত্ৰীৰ সৈতে দেশবাসীৰ সমস্যা সমাধান আৰু চৰকাৰী আঁচন সমূহ উপভোক্তাসকলে লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী উপস্থিত মঞ্চত ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত হয়।