দুধনৈঃ গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ শিমলীতোলা অঞ্চল বানৰ কৱলত কেইবা শতাধিক পৰিয়ালৰ বাসগৃহ ডুব গৈছে৷ ফলত সমগ্ৰ অঞ্চলটোতে এক অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। বিগত কেবাদিন ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত নৈসমূহ বাঢ়ি অহাত শিমলীতোলাৰ কামাৰপোটা, নয়াপাৰা, গেৰুৱা, হেপচাপাৰা, টিলাপাৰাকে ধৰি ৮-১০ খন গাঁৱৰ পৰিয়ালৰ বানপানীত ডুব গৈছে৷
ফলত খাদ্যৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইপিনে দুধনৈ বিধানসভা সভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই নাঁৱৰে বান পীড়িত এলেকা পৰিদৰ্শন কৰে৷ পানীৰ মাজে মাজে গৈ বানাক্ৰান্ত লোকৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰে। বিধায়ক দীপক ৰাভাই বানাক্ৰান্ত লোকৰ ক্ষতি পূৰণ তথা পশুধনৰ খাদ্যৰ বাবে বিভাগীয় ভাবে দিয়াৰ আশ্বাস প্ৰদান কৰে ৰাইজক৷