খুনচাৰ পৰা ফাইজুৰ ৰহমানঃ আলফা স্বাধীনৰ ম্যানমান শিবিৰৰ পৰা শিবিৰৰ পলায়ন কৰা দুই সদস্য অসম ৰাইফলছৰ জালত পৰিছে৷ ম্যানমান সীমা অতিক্ৰম কৰি ভাৰতত প্ৰবেশৰ সময়তে ৩০ মে’ৰ দিনৰ ৩ বজাত পহৰা দি থকা অসম ৰাইফলছৰ এটা দলে আৱদ্ধ কৰে দুয়ো যুৱকক৷
আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰি অহা দুই সদস্য সুৰজিত গগৈ ওৰফে খেপৌ অসম আৰু শ্যামল বৰুৱা ওৰফে নিয়ৰ অসমক অৰুণাচল আৰক্ষীয়ে আটক কৰিছে। আন্তঃজাতিক সীমান্ত অতিক্ৰম কৰি প্ৰবেশ কৰোতে আটক কৰে ৬নং আসাম ৰাইফলচৰ এটি তহলদাৰী দলে আৱদ্ধ কৰিছিল দুয়ো যুৱকক। ভাৰত-ম্যানমাৰৰ সীমান্ত লাজুত দুয়ো যুৱকক আৱদ্ধ কৰা হৈছিল। অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনচাস্থিত আসাম ৰাইফলচৰ শিবিৰত ৰাখি সোধপোচৰ অন্তত আজি খুনচা আৰক্ষীক চমজাই দিয়ে। ২০২১ চনৰ নবেম্বৰ মাহত যোগদান কৰি প্ৰত্যাৱৰ্তন কৰা দুই সদস্যৰ সুৰজিৎ গগৈৰ ঘৰ পেঙেৰীৰ নলনিত আৰু শ্যামল বৰুৱাৰ ঘৰ ডিগবৈৰ মামৰণিত। শিবিৰত থাকি কষ্ট পোৱাৰ বাবে প্ৰত্যাবৰ্তন কৰা বুলি জনাইছে। আলফা স্বাধীনত যোগদান প্ৰত্যাবৰ্তন মৃত্যুদণ্ড ঘোষণা মৃত্যুদণ্ড বিহাৰ এক পৰিবেশৰ মাজতে পুনৰ দুগৰাকী সদস্য ম্যানমাৰৰ পৰা পলাই অহাটোৱে তাৎপৰ্য বহন কৰিছে।
অৰুণাচল আৰক্ষীয়ে অসম আৰক্ষীৰ হাতত হস্তান্তৰ কৰিব দুই যুৱকক৷ পাঁচ মাহ পূৰ্বে আলফা স্বাধীনলৈ গৈছিল কাকপথাৰৰ দুই যুৱক সুৰজিৎ গগৈ আৰু শ্যামল বৰুৱা৷ চাৰিদিন পূৰ্বে সুৰজিৎ গগৈ আৰু শ্যামল বৰুৱাই পলায়ন কৰিছিল আলফা শিবিৰৰ পৰা৷ আলফা স্বাধীনে দেখা মাত্ৰকে গুলী কৰাৰ ফৰমান জাৰি কৰিছিল৷ আলফা স্বাধীনে দুই যুৱকক হত্যাৰ সন্দেহ কৰিছিল পৰিয়ালে৷ পৰিয়ালে সন্তানক ক্ষমা কৰিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছিল৷