গোৱালপাৰাঃ ৰাজ্য চৰকাৰৰ এগৰাকী আমোলাই আত্মহত্যা কৰাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ক’ৰোনা কালৰ মাজতে গোৱালপাৰা জিলাৰ অতিৰিক্ত উপায়ুক্তই চিপ লৈ আত্মহত্যা কৰে শুকুৰবাৰে৷ গোৱালপাৰা সদৰৰ চৰকাৰী আৱাসত চিপলৈ থকা অৱস্থাত শুকুৰবাৰে দিনৰ প্ৰায় ১১ বজাত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।
গোৱালপাৰা জিলাৰ অতিৰিক্ত উপযুক্ত জয়ন্ত দাস গুৱাহাটী মহানগৰীৰ বিৰুবাৰীৰ বাসিন্দা৷ ২০০২ চনৰ এচিএছ বিষয়া দাসে দুমাহ মান পূৰ্বে গোৱালপাৰা জিলা উপায়ুক্তৰ হিচাপে জিলাখনলৈ বদলি হৈ আহিছিল৷ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শাৰীৰিক অসুস্থতাৰ বাবে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে মৃতদেহ মৰোণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক অৰ্পণ কৰিব৷ বগোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰা পৰিয়ালে মৃতদেহ সংগ্ৰহ কৰিবলৈ উপস্থিত হোৱা বুলি জানিব পৰা গৈছে৷