জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত শলগুৰিৰ বামগাঁৱৰ ৰে’ল লাইনৰ কাষত মঙলবাৰে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মৃতদেহটো তিনি নং কান্ধুলিমাৰীৰ হেম দাসৰ পত্নী তথা দুই সন্তানৰ মাতৃ ৰীণা দাসৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে৷ আচলতে পুৱাৰ ভাগত ৰে’ল লাইনৰ কাষৰে অহা লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি ধিং আৰক্ষীক খবৰ দিয়ে৷ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ এয়া এক আত্মহত্যাৰ ঘটনা বুলি স্থানীয় একাংশ ৰাইজে সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই ৰে’লৰ খুন্দাত মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি ক’ব বিচাৰে যদিও কি কাৰণত মহিলাগৰাকীৰ মৃত্যু হ’ল সেয়া স্পষ্ট হোৱা নাই৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ইফালে, মহিলাগৰাকীৰ স্বামীৰ ভাষ্য মতে কিছুদিনৰ পৰা মহিলাগৰাকী মানসিক ৰোগত ভূগি আহিছিল আৰু স্বামীয়ে ইয়াৰ বাবে চিকিৎসা প্ৰদান কৰি আহিছিল৷