ডিজিটেল ডেস্কঃ ভাৰতত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমে বৃদ্ধি পোৱাত জটীল কৰিছে দেশৰ পৰিস্থিতি৷ প্ৰতিদিনে অভিলেখ সংখ্যাক ক’ৰোনা ৰোগী ধৰা পৰাত দেশৰ নাগৰিক চিন্তিত৷ বিগত দিন কেইটাৰ দৰেই শনিবাৰেও দেশত ৬০ হাজাৰতকৈ অধিক ৰোগী ধৰা পৰিছে দেশত৷ দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য মতে, বিগত ২৪ ঘণ্টাত ৬৯,২৩৯ গৰাকী ৰোগী নতুনকৈ ধৰা পৰিছে৷ বিগত ২৪ ঘণ্টাত ৯১২গৰাকী লোকৰ মৃত্যু হৈছে৷ এই পৰ্যন্ত মুঠ ৫৬,৭০৬গৰাকী লোকৰ প্ৰাণ হেৰুৱাইছে৷ ইয়াৰ লগে লগে দেশত ৩০ লাখ ৪৪ হাজাৰলৈ বৃদ্ধি পাইছে মুঠ ৰোগীৰ সংখ্যা৷