জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ ননৈৰ সমীপৰ গোবৰ গাঁও অঞ্চলত শান্তি-সম্প্ৰীতি ৰক্ষাৰ্থে আজিৰে পৰা তিনিদিনীয়াকৈ গোবৰ গাঁও শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ ব্যৱস্থাপনাত গোবৰ গাঁৱৰ হৰি মন্দিৰত অবিৰত শ্ৰীমদ্ভাগৱত পাঠৰ শুভাৰম্ভ হৈছে। তদনুযায়ী পুৱাৰ ভাগত ঊষা কীৰ্ত্তনেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে বন্তি প্ৰজ্বলন কৰে বসুধৰ বৰাই আৰু ধৰ্ম্ম ধ্বজা উত্তোলন কৰে ৰত্নেশ্বৰ বৰাই। প্ৰফুল্ল বৰাই আতধৰা অনুষ্ঠানটিত স্মৃতি তৰ্পণ কৰে জিতেন বৰাই৷ ইয়াৰ পিছতে একাদিক্ৰমে কুমাৰীসকলৰ দ্বাৰা গোপিনীসকলৰ সহযোগত পবিত্র জলাৰোহন, শ্রীমদ্ভাগবত আনয়ন আৰু আদৰণি, খোল প্রসংগ, নাম কীর্তন, অক্ষয় প্রদীপ প্রজ্বলন আদিৰ অন্তত বিয়লি শ্রীমদ্ভাগবত পাঠ উদ্বোধন কৰে নগাঁও মহাবিদ্যালয় অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক দীপক কুমাৰ বৰাই আৰু পাঠ আৰম্ভ কৰে নামাচাৰ্য্য পোনাৰাম বৰাই৷ দিনে-নিশাই অবিৰতভাবে চলিবলগীয়া এই শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠানৰ বুধবাৰে সামৰণি পৰিব বুলি অনুষ্ঠানটিৰ সক্ৰিয় সদস্য পদুম বৰাই জানিবলৈ দিছে৷