জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া দলংঘাটৰ শংকৰ-মাধৱ সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি শিলপুখুৰী আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত কৃষ্ণ-কৃষ্ণ ধ্বনিৰে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। এই মৰ্মে, ভকত-বৈষ্ণৱ, আইমাতৃৰ উপস্থিতিৰে অধিবেশনস্থলীত উদুলি-মুদুলি পৰিবেশৰ সৃষ্টিৰে সৰ্বত্ৰে ভক্তিৰ নিজৰা বৈছে৷ কাৰ্যসূচী অনুসৰি পুৱাবেলা প্ৰাতঃপ্ৰসংগ, পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপন, খোল প্ৰসংগ আৰু তোৰণ উন্মোচনৰ পিছতে প্ৰতিনিধি শিবিৰৰ দ্বাৰ উন্মোচন কৰে তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য চম্পেশ্বৰ বৰদলৈয়ে। ইয়াৰ পিছত সেৱা বাহিনীৰ শিবিৰৰ দ্বাৰ ৰমেশ চন্দ্ৰ বৰদলৈৰ দ্বাৰা উন্মোচন আৰু ডাঃ বুৰহান চৌধুৰীৰ দ্বাৰা চিকিৎসা শিবিৰৰ দ্বাৰ উন্মোচনৰ অন্তত বিনু কুমাৰী ডেকাৰ সঞ্চালনাত শিশু আৰু আইমাতৃ কল্যাণ শাখা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয়৷ দুপৰীয়া জয়ৰাম দেউৰীৰ সভাপতিত্বত প্ৰচাৰ শাখা সমিতিৰ সাধাৰণ সভা আৰু সম্বৰ্ধনা অনুষ্ঠান আৰু বিয়লি মনোজ কুমাৰ দেওৰজাৰ সভাপতিত্বত সাহিত্য শাখাৰ অধিবেশন আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। পুতুল চন্দ্ৰ ডেকাই উদ্বোধন কৰা সভাখনিত স্মৃতিগ্ৰন্থ শঙ্খধ্বনি, জিলাৰ পত্ৰিকা গুণনিধি আৰু আতাসকলৰ মুকুতা উন্মোচন কৰে ক্ৰমে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা, শিক্ষা শাখা সমিতিৰ সভাপতি দিবাকৰ বৰদলৈ আৰু অতিৰিক্ত উপায়ুক্ত ডাঃ গৰ্গমোহন দাসে। ইয়াৰ পিছতে নৃপেন চন্দ্ৰ বৰদলৈৰ সঞ্চালনাত সংস্কৃতি শাখাৰ অধিৱেশন, সন্ধিয়া নাম প্ৰসংগৰ অন্তত প্ৰদীপ কুমাৰ বৰাৰ সঞ্চালনাত প্ৰতিনিধি সভাৰ লগতে নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠান আৰু ভাওনা প্ৰদৰ্শনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাইলৈ দ্বিতীয় দিনা পুৱাৰ ভাগত প্ৰাতঃপ্ৰসংগ, পৰিৱেশ নিকাকৰণ, খোল প্ৰসংগৰ অন্তত সংঘৰ মৰিগাঁও জিলা শাখাৰ সভাপতি প্ৰদীপ কুমাৰ বৰাই পতাকা উত্তোলনৰ পিছতে ভাগৱত শোভাযাত্ৰা উলিওৱা হ’ব৷ তদুপৰি দুপৰীয়া প্ৰদীপ কুমাৰ বৰাৰ সঞ্চালনাত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান হ’ব। সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই মুখ্য অতিথিৰূপে ভাগ ল’বলগীয়া মুকলি সভা উদ্বোধন কৰিব প্ৰাক্তন সভাপতি ডাঃ পুণিৰাম পাতৰে। উক্ত সভাতে সাহিত্য সাধনা বঁটা, সংস্কৃতি সাধক বঁটা, আইমাতৃ প্ৰেৰণা বঁটা, প্ৰচাৰ সাংগঠনিক বঁটা, সেৱাবাহিনী যুৱ উদ্যমিতা বঁটা আৰু গুৰু দক্ষিণা বঁটা প্ৰদান কৰা হ’ব। সন্ধিয়া পতাকা অৱতৰণেৰ অধিবেশনৰ কাৰ্যসূচীৰ সামৰণি পৰিব বুলি আদৰণি সমিতিৰ সম্পাদক পুতুকণ বৰদলৈ আৰু যুটীয়া সম্পাদক সন্তনাৰায়ণ ডেকাই জানিবলৈ দিছে৷